তিনিচুকীয়া, 25 ছেপ্টেম্বৰ : কৃষক বিৰোধী আইন বাতিল কৰাৰ দাবীত তিনিচুকীয়াত দল সংগঠনৰ প্ৰতিবাদ । তিনিচুকীয়া জিলাৰ পানীতোলাত শুকুৰবাৰে পানীতোলা আঞ্চলিক ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ পৰিষদ, বীৰ লাচিত সেনাৰ উদ্যোগত অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধন) বিল 2020, কৃষকৰ মূল্য সম্পৰ্কীয় (ক্ষমতা আৰু সংৰক্ষণ) চুক্তি, কৃষি সেৱা বিল 2020 আৰু কৃষিজাত দ্ৰব্য উৎপাদন ব্যৱসায় বাণিজ্য বিল 2020 ৰ প্ৰতিলিপি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷
কৃষক বিৰোধী কৃষি বিধেয়ক 2020 শীঘ্ৰে বাতিলৰ দাবী উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে কৃষক বিৰোধী আইন বাতিল কৰক, অসম চৰকাৰ মূর্দাবাদ, নৰেন্দ্ৰ মোদী গ' বেক আদি শ্লোগানেৰে কঁপাই তোলে পানীতোলাৰ ৰাজপথ । বিধেয়কখন বাতিল নকৰা পৰ্যন্ত তীব্ৰ গণতান্ত্ৰিক আৰু জংগী কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে সংগঠনসমূহে ৷
লগতে পঢ়ক : চিলাপথাৰত কৃষি বিধেয়কৰ প্ৰতিলিপি দাহ কৰিলে ছাত্ৰ সন্থাই