ETV Bharat / city

তিনিচুকীয়াৰ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত মুখ্যমন্ত্ৰী

author img

By

Published : Nov 2, 2019, 11:36 PM IST

চাৰিদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়াৰ ৰঙাজানস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত অনুষ্ঠিত হৈছে 27 সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ৷

তিনিচুকীয়াৰ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত মুখ্যমন্ত্ৰী

তিনিচুকীয়া, 2 নৱেম্বৰ: অসম চৰকাৰৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তি বিভাগৰ সৌজন্যত তিনিচুকীয়া চহৰৰ ৰঙাজানস্থিত জৱাহৰ নবোদয় বিদ্যালয় চৌহদত যোৱা 1 নৱেম্বৰৰ পৰা 4 নৱেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা 27 সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ তৃতীয় দিনা সমাৰোহস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সমাৰোহৰ তৃতীয় দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান কৰি শিশু বিজ্ঞানী সকলক উৎসাহিত কৰে ৷

নিজ ভাষণত মুখ্যমন্ত্ৰীয়ে শিশু বিজ্ঞান সমাৰোহত ছাত্ৰ-ছাত্ৰীৰ ব্যাপক অংশগ্ৰহণৰ শলাগ লোৱাৰ লগতে ছাত্ৰৰ সমান্তৰাল ভাৱে অধিক হাৰত ছাত্ৰীৰো সমাৰোহত অংশগ্ৰহণক এক উল্লেখনীয় ঘটনা বুলি মন্তব্য কৰে ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰী সকলক পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগ হ'বলৈও আহ্বান জনাই ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগ দিয়ে বিজ্ঞান আৰু তথ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৷ অনুষ্ঠানত নিজ ভাষণত ৰাজ্য চৰকাৰৰ বিজ্ঞান মন্ত্ৰীজনে আগন্তক দিনত ৰাজ্যত বিজ্ঞান শিক্ষাৰ প্ৰসাৰত বিশেষ গুৰুত্ব দিয়া হ'ব বুলিও উল্লেখ কৰে ৷

চাৰিদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়াৰ ৰঙাজানস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত অনুষ্ঠিত হৈছে 27 সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ

Intro:STORY:- শিশু বিজ্ঞান সমাৰোহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

তিনিচুকীয়া,2 নৱেম্বৰ:- অসম চৰকাৰৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তি বিভাগৰ সৌজন্যত তিনিচুকীয়াৰ ৰঙাজানস্থিত জৱাহৰ নবোদয় বিদ্যালয় চৌহদত ১ নৱেম্বৰ তাৰিখৰ পৰা ৪ নৱেম্বৰ তাৰিখলৈকে অনুষ্ঠিত হোৱা 27 সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ তৃতীয় দিনাৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অনুষ্ঠানত উপস্থিত থাকি শিশু বিজ্ঞানী সকলক উৎসিত কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ৰ সৈতে বিজ্ঞান আৰু তথ্য বিভাগৰ মন্ত্রী কেশৱ মহন্তও উপস্থিত থাকে।

Body:BYET :- সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী

Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.