শদিয়া, 20 অক্টোবৰ : তিনিচুকীয়াৰ ৰূপাইৰ লাচিত নগৰ ঔগুৰিৰ এটি মৰম লগা চাৰি বছৰীয়া শিশু, নাম কাব্যনীল শৰ্মা ৷ জন্মৰে পৰা HYPERINSULINEMIC HYPOGLYCEMIA দূৰাৰোগ্য ৰোগত ভূগি আছে শিশুটি ৷ পৰিয়ালৰ লোকে শিশুটিৰ চিকিৎসাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চেন্নাইৰ এপল' শিশু চিকিৎসালয়লৈ নিয়ে যদিও বৰ্তমানলৈকে সুস্থ হৈ উঠা নাই শিশুটি ৷ কাব্যনীলৰ পিতৃ অৱনী শৰ্মা আৰু মাতৃ স্বপ্না মেধীয়ে তেওঁলোকৰ সন্তানৰ চিকিৎসাৰ বাবে ৯ মাহৰ পৰা চেন্নাইৰ চিকিৎসকৰ ব্যয়বহুল চিকিৎসা কৰাই জুৰুলা হৈ পৰিছে ৷
শিশুটিৰ পিতৃ ৰূপাইৰ এটা ব্যক্তিগত চাহ ফেক্টৰীত অস্থায়ী শ্ৰমিক ৰূপে কৰ্মৰত ৷ বিগত সময়ছোৱাত ঘৰৰ সমস্ত বিক্ৰী কৰি উপায়হীন হৈ সহায় বিছাৰিছে চৰকাৰ, জনপ্ৰতিনিধি, দল সংগঠন, হৃদয়বান ব্যক্তিৰ ৷ লগতে এনে ধৰনৰ ৰোগক দূৰাৰোগ্য ৰোগৰ তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে কাব্যনীলৰ মাতৃয়ে ৷
যদি কোনো সদাশয় ব্যক্তিয়ে আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোক সহায় কৰিব বিছাৰে তেন্তে কাব্যনীলৰ মাতৃ স্বপ্না মেধীৰ SBI বেংক একাউণ্ট নম্বৰ 34872558426, IFSC Code- SBIN0002099 লগতে পৰিয়ালটিৰ ফোন নম্বৰ 9957817604, 8011511409ত যোগাযোগ কৰিব পাৰিব ৷
লগতে পঢ়ক : সন্তানক কোলাত লৈ পিতৃ-মাতৃৰ চকুলোঃ সহায় বিচাৰি ৰাইজলৈ কাতৰ আহ্বান