ETV Bharat / city

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডুমডুমাত আছুৰ বিক্ষোভ কাৰ্যসূচী - তিনিচুকীয়া

ডুমডুমাত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আলু-পিয়াঁজ- বিলাহীৰ মালা পৰিধান কৰি আছুৰ প্ৰতিবাদী সদস্যসকলে চৰকাৰ তথা যোগান মন্ত্ৰীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

ASSU PROTEST AT DUMDUMA
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডুমডুমাত আছুৰ বিক্ষোভ কাৰ্যসূচী
author img

By

Published : Nov 7, 2020, 10:36 PM IST

ডুমডুমা, 7 নৱেম্বৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিখন জিলাতে চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ মাজ-মজিয়াত আজি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাইও এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।

ইফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ শ্ৰেণীৰ লোক সকল জিয়াতু ভুগিবলগীয়া হৈছে যদিও অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে ৰাইজৰ লগতে বিভিন্ন দল সংগঠন ৷

ইতিমধ্যে মূল্য বৃদ্ধিৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতেই বিভিন্ন দল সংগঠনৰ লগতে ছাত্ৰ সন্থাৰ সদস্য সকলেও আজি চৰকাৰ তথা যোগান মন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে আলু, পিয়াঁজ, বিলাহীৰ মালা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে। বিক্ষোভ কাৰ্যসূচীত আছু কৰ্মীসকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ লগতে অতি শীঘ্ৰেই অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰ তথা যোগান মন্ত্ৰীক দাবী জনাইছে প্ৰতিবাদকাৰীসকলে। যদি মূল্যবৃ্দ্ধি ৰোধ নকৰে, তেনেহ'লে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক- তামুলপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ অভিনৱ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.