ETV Bharat / city

আনুষ্ঠানিভাৱে বিদায় ল'লে মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে

author img

By

Published : Dec 6, 2020, 10:53 PM IST

সদৌ মৰাণ ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ বদৌচা ভৱনত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সহযোগত দেওবাৰে অনুষ্ঠিত এখনি কাৰ্যনিৰ্বাহ সভাত বিদায় ল'লে সংগঠনটোৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে ৷ উক্ত সভাতেই প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে নৱ-নিৰ্বাচিত সভাপতি নৱ মৰাণক সকলো দায়িত্বভাৰ অৰ্পণ কৰে ।

arunjyoti-moran-former-president-of-the-maran-students-association-formally-left
আনুষ্ঠানিভাৱে বিদায় ল'লে সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে

তিনিচুকীয়া, 6 ডিচেম্বৰঃ তিনিচুকীয়াৰ বৰগুৰিস্থিত সদৌ মৰাণ ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ বদৌচা ভৱনত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সহযোগত দেওবাৰে এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ সভাত প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণক এখনি চেলেং চাদৰ, শৰাই আৰু এখনি মানপত্ৰ দি বিদায় সম্ভাষণ জনোৱা লগতে নৱ নিৰ্বাচিন প্ৰতিনিধিসকলে শপত গ্ৰহণ কৰে ।

উক্ত সভাতেই প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে নৱ-নিৰ্বাচিত সভাপতি নৱ মৰাণক সকলো দায়িত্বভাৰ অৰ্পণ কৰে । ইয়াৰ পিচতে বদৌচা ভৱনৰ পৰা সভা ভংগ কৰি এক বিশাল বাইক ৰেলী কৰি মাকুমৰ ৰজনীকান্ত বৰদলৈ খেলপথাৰত উপস্থিত হয় আৰু তাতে অৰুণজ্যোতি মৰাণক আনুষ্ঠানিক বিদায় সম্ভাষণৰ অনুষ্ঠান আয়োজন কৰা হয় ।

বিদায়ী অনুষ্ঠানটোত সংগঠনটোৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে যথেষ্ট আৱেগিক হৈ পৰে আৰু চকুলো নিগৰে । অনুষ্ঠানটোত সদৌ মৰাণ ছাত্ৰ সন্থাৰ নৱ-নিৰ্বাচিত সমিতিৰ সকলো কৰ্মকৰ্তা, অসম মৰাণ সভাৰ বিষয়ববীয়াৰ লগতে মৰাণ জনজাতিৰ আটাইকেইটা সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে।

লগতে পঢ়কঃঅসমৰ যি বিকাশ আৰু উন্নয়ন হৈছে সেয়া অগপৰ বাবে হৈছেঃ প্ৰফুল্ল কুমাৰ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.