ETV Bharat / city

আটছাৰ প্ৰতিবাদত উত্তাল কোকৰাঝাৰ আৰু ডুমডুমা

author img

By

Published : Aug 29, 2020, 5:26 PM IST

কৰম উৎসৱৰ দিনাই আদিবাসীৰ কৰম উৎসৱক চৰকাৰী স্বীকৃতি, জনজাতি কৰণৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আছাৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অতি শীঘ্ৰে চৰকাৰে এই সমস্যা সমাধান নকৰিলে বিধান সভা নিৰ্বাচনত উপযুক্ত প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷

ASSA Protest Against Govt More Districts
কোকৰাঝাৰ আৰু ডুমডুমাত চৰকাৰৰ বিৰুদ্ধে আটছাৰ উত্তাল প্ৰতিবাদ

নিউজ ডেস্ক, 29 আগষ্টঃ আদিবাসী সকলৰ পৰম্পৰাগত কৰম উৎসৱৰ এই মহান দিনটোতে আদিবাসী সকলক জনজাতিকৰণ কৰা, কৰম উৎসৱক চৰকাৰী স্বীকূতি প্ৰদান কৰাকে ধৰি কেইবাটাও সমস্যাৰ দাবীত শনিবাৰে আছাৰ প্ৰদীপ গোটৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ জয়পুৰ খেলপথাৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিশেষকৈ আদিবাসী সকলৰ স্বকীয় পৰিচয়ক চাহ জনগোষ্ঠী বুলি ৰাজ্য চৰকাৰে গভীৰ ষড়যন্ত্ৰ কৰা, কৰম উৎসৱক চৰকাৰী বন্ধ ঘোষণা কৰা আৰু আদিবাসী সকলক অচিৰে জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা ইত্যাদিৰ দাবীত হাতে-হাতে প্লে’কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে জয়পুৰ খেলপথাৰত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

আছাৰ প্ৰদীপ নাগ গোটৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আহ্বানত প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ব দিয়া জিলা সভাপতি দিলীপ মূৰ্মূয়ে সংবাদিকৰ আগত অসম চৰকাৰে অসমৰ আদিবাসী সকলৰ পৰম্পৰাগত কৰম উৎসৱৰ আজিৰ মহান দিনটোত চৰকাৰী স্থানীয় বন্ধ ঘোষণা নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰে আদিবাসী সকলক ঘোৰ অন্যায় কৰাৰ গুৰুতৰ অভিযোগ তোলে ৷

এনেক্ষেত্ৰত আছাই আজি আদিবাসী সকলৰ জাতীয় কৰম উৎসৱ পালন নকৰি অভিনৱ প্ৰতিবাদৰে ৰাজপথত নামিবলৈ বাধ্য হ'ব বুলি মন্তব্য কৰে ৷ তেওঁ লগতে অসমত আদিবাসী সকলৰ স্বকীয় পৰিচয়ক উলাই কৰি চৰকাৰে চাহ জনগোষ্ঠী বুলি পৰিচয় দিয়া কাৰ্যকো ধিক্কাৰ দি অচিৰে আদিবাসী সকলক অহা ২০২১ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ মযৰ্দা দিয়াৰো দাবী জনায় ৷

ঠিক একেদৰে ডুমডুমাৰ মানখোৱা চাহ বাগিছাত আটছাই চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ লগতে চাহ শ্ৰমিকৰ মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত ডুমডুমাৰ মানখোৱা চাহ বাগিছাত শনিবাৰে আটছাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মানখোৱা প্ৰাথমিক গোটৰ উদ্যোগত বাগিছাখনৰ চাহ শ্ৰমিকসকলৰ সহযোগত এই ধৰ্ণা কাৰ্যসূচী পালন কৰে । অতি শীঘ্ৰে চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনায় । চৰকাৰে যদি অতিশীঘ্ৰে এই দাবী সমুহ মানি নলয় তেনেহলে অনাগত দিনত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।

লগতে পঢ়ক- বঙাইগাঁৱত উপস্থিত বিশেষ আন্তঃ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.