ETV Bharat / city

ফিল'বাৰীত গোৰ্খা সকলৰ "দেউচি বিদায় উৎসৱ" উদযাপন - তিনিচুকীয়া

তিনিচুকীয়াৰ ফিল'বাৰীত গোৰ্খা সকলৰ অন্যতম উৎসৱ "দেউচি বিদায় উৎসৱ" উদযাপন কৰে ৷ উক্ত অনুষ্ঠানত গোৰ্খা সকলৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ৷

A_DDM_801_01DEC_PHILLOBARI_GORKHA_ASC10048_VIS
ফিল'বাৰীত গোৰ্খা সকলৰ "দেউচি বিদায় উৎসৱ" উদযাপন
author img

By

Published : Dec 1, 2020, 2:30 PM IST

ডুমডুমা,1 ডিচেম্বৰঃ তিনিচুকীয়া জিলাৰ ফিল'বাৰীত সোমবাৰে সন্ধিয়া গোৰ্খা সকলৰ অন্যতম উৎসৱ "দেউচি বিদায় উৎসৱ" বা "দেইচি উৰুৱা" উৎসৱ পালন কৰা হ'য় । ফিল'বাৰীৰ ৰংপুৰ গাঁ‌ৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ভানুভক্ত যুৱক সংঘ আৰু ভানুপ্ৰিয়া মহিলা সমিতিৰ উদ্যোগত এই "দেউচি বিদায় উৎসৱ" উদযাপন কৰা হয় ।

ফিল'বাৰীত গোৰ্খা সকলৰ "দেউচি বিদায় উৎসৱ" উদযাপন

"দেউচি বিদায় উৎসৱ" অনুষ্ঠিত হোৱাৰ পূৰ্বে ভানুভক্ত যুৱক সংঘৰ সভাপতি টংক বাহাদুৰ থাপাই বন্তি প্ৰজ্বলন কৰে ৷ ইফালে মঞ্চ উদ্বোধন কৰাৰ পিছতেই গোৰ্খা সকলে জনগোষ্ঠীয় নৃত্যৰ লগতে দেউচি-ভৈলী প্ৰদৰ্শন কৰে।

উল্লেখ্য যে,গোৰ্খা জনগোষ্ঠীয় লোক সকলে তিহাৰ উৎসৱ কাতি মাহৰ অমাৱশ্যাৰ পৰা আৰম্ভ কৰি পূৰ্ণিমা দিনটো লৈকে অতি উলহ-মালহেৰে পালন কৰে । এই সময়ছোৱাত গোৰ্খা জনগোষ্ঠীয় ডেকা-গাভৰু সকলে ঘৰে ঘৰে গৈ দেউচী আৰু ভৈলী প্ৰদৰ্শন কৰি আনন্দ লাভ কৰে ৷ আনহাতে,কৰ'ণা মহামাৰীৰ বাবে এই বছৰত দেউচি আৰু ভৈলী উৎসৱৰ আনন্দ উল্লাহ কিছু ম্লান পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক-গুৰু নানকৰ 551 সংখ্যক জন্ম জয়ন্তীত বাইডেন,হেৰিছৰ শুভেচ্ছা বাণী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.