শদিয়া,18 জুলাইঃ তিনিচুকীয়া জিলাৰ কাকপথাৰত পুনৰ সাংবাদিক সহ চাৰিজন লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো দিনক দিনে বৃদ্ধি পাইছে কোভিড-১৯ ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ইতিমধ্যে জিলাখনৰ কাকপথাৰত এগৰাকী সাংবাদিকৰ পত্নীসহ মুঠ চাৰিজনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ ৷ দৈনিক অসমীয়া বাতৰি কাকত "আমাৰ অসম" কাকতৰ কাকপথাৰৰ সাংবাদিক বিজয় দত্ত, পত্নী তথা কাকপথাৰৰ চিকিৎসালয়ত নাৰ্ছ হিচাপে কৰ্মৰত ৰুবী চলিহা দত্ত, ব্যৱসায়ী প্ৰমোদ ডেকা আৰু বৰ ডিৰাকৰ গকুল হাজৰিকা নামৰ ব্যক্তিকেই গৰাকীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে ৷
উল্লেখ্য যে, যোৱা ১৪ জুলাইত কাকপথাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত স্বাৱ পৰীক্ষা কৰিছিল সাংবাদিক বিজয় দত্তসহ চাৰিওজন কৰ'ণাত আক্ৰান্ত লোকে ৷ শনিবাৰে তেওঁলোকৰ কোভিড-19 পজিটিভ হোৱা বুলি ৰিপৰ্ট লাভ কৰে ৷ কোভিড-19 পজিটিভ ফলাফল ওলোৱাৰ পিছতেই ১০৮ এম্বুলেঞ্চ যোগে কৰ'ণাত আক্ৰান্ত চাৰিওজনকে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্বাস্থ্য বিভাগে ৷
লগতে পঢ়ক- জম্মু-কাশ্মীৰত প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে স্থাপন ক'ভিড-19 পৰীক্ষণ কেন্দ্ৰ