ETV Bharat / city

অসুস্থ জুবিনক আমনি নকৰাৰ আহ্বান জুবিন ফেন ক্লাৱৰ - সদৌ অসম জুবিন ফেন ক্লাৱ

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক চিকিৎসকে কিছুদিনলৈ জিৰণি লোৱাৰ পৰামৰ্শ আগবঢ়োৱা সময়তে শিল্পীজনক আমনি নকৰিবলৈ আহ্বান জনাইছে সদৌ অসম জুবিন ফেন ক্লাৱৰ সম্পাদক তৃষাণু ভূঞাই ।

অসুস্থ জুবিনক আমনি নকৰাৰ আহ্বান জুবিন ফেন ক্লাৱৰ

author img

By

Published : Mar 10, 2020, 6:28 PM IST

তেজপুৰ, ১০ মাৰ্চ : জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক চিকিৎসকে কিছুদিনলৈ জিৰণি লোৱাৰ পৰামৰ্শ আগবঢ়োৱা সময়তে শিল্পী জনক আমনি নকৰিবলৈ আহ্বান জনাইছে সদৌ অসম জুবিন ফেন ক্লাৱৰ সম্পাদক তৃষাণু ভূঞাই ।

অসুস্থ জুবিনক আমনি নকৰাৰ আহ্বান জুবিন ফেন ক্লাৱৰ

ভূঞাই কয় যে, শিল্পীগৰাকীৰ অসুস্থতাৰ সময়ত বহু লোকে জুবিন ফেন ক্লাৱৰ সদস্য বুলি পৰিচয় দি শিল্পীগৰাকীক সাক্ষাৎ কৰাৰ চেষ্টা কৰাৰ উপৰিও যোৱা সময়চোৱাত শিল্পীগৰাকীৰ খাৰঘুলিস্থিত বাসগৃহত বহু লোকেই অযথা ভিৰ কৰি আহিছিল । ৰাইজৰ মৰমৰ শিল্পীজনক এতিয়া কিছু পৰিমাণে জিৰণি লোৱাৰ খুবেই প্ৰয়োজন । তদুপৰি একাংশ লোকে মিছা কথাৰে শিল্পীজনৰ পৰা ধন বিচৰাৰ সংখ্যাও বৃদ্ধি পোৱাৰ কথা সদৰী কৰি ভূঞাই কয় যে চৰকাৰী আঁচনি থকা স্বত্বেও আৰ্থিক সহায় বিচাৰি যায় একাংশ লোকে । জুবিন ফেন ক্লাব শিল্পীগৰাকীৰ সমাজৰ উন্নয়ন সাধন কৰা সামাজিক কাম কাজৰে জড়িত আৰু শিল্পীজনে কৰি অহা সামাজিক কাম কাজ আগবঢ়াই নিয়াত ব্যস্ত এক সংস্থা আৰু ইয়াত প্ৰত্যেকৰে নাম পঞ্জীয়ন কৰা আছে বুলি মত পোষণ কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.