তেজপুৰ, 22 জানুৱাৰী: কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ নগা অধ্যুষিত এলেকাত 2খন স্বায়ত্ব পৰিষদ গঠনৰ বাবে যোজা কৰিছে ৷ এই বিষয় লৈ কেন্দ্ৰীয় চৰকাৰে আলোচনা আৰম্ভ কৰিছে । এক বিশেষ সূত্ৰত প্ৰকাশ পোৱা তথ্য অনুসৰি, সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ আওতালৈ আনি দুখন স্বায়ত্ব পৰিষদ নগা বসতি এলেকাৰ পাহাৰীয়া দাঁতিকাষৰীয়া পূব প্ৰান্তৰ অৰুণাচল প্ৰদেশ আৰু একেবাৰে কাষৰীয়া মণিপুৰত প্ৰৱৰ্তন কৰিব । ইতিমধ্যে ১৯৯৭ চনত আৰম্ভ হোৱা নগা চুক্তিয়ে ২৩ বছৰ সম্পূৰ্ণ কৰিলে আৰু বৰ্তমান এই শান্তি চুক্তি প্ৰায় সুকলমে সম্পন্ন হোৱা বুলি এই চুক্তিৰ মাধ্যস্থতা কৰা কেন্দ্ৰীয় গৃহ সচিব আৰু বৰ্তমান নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়ে যোৱা ১৭ জানুৱাৰীত উল্লেখ কৰিছে ৷
এই স্বায়ত্ব শাসন পোৱাৰ ফলত নাগালেণ্ডৰ এখন লোক সভাৰ আসন বৃদ্ধি হ'ব বুলি ধাৰণা কৰা হৈছে । এই শান্তি আলোচনা চুক্তিৰ আধাৰত এনএছচিএন (আইএম) আৰু অন্য নগা বিদ্ৰোহী সংগঠন আৰু নগা নেচনেল পলিটিকেল গ্ৰুপ (NNPG)ৰ লগত কোনো ধৰণৰ ক্ৰুটি ৰখা নাই বুলি জানিব পৰা গৈছে । এই স্বায়ত্ব পৰিষদ গঠন বিষয়ে ইতিমধ্যে অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ চৰকাৰৰ লগত আলোচনা চলি আছে ।
উল্লেখযোগ্য যে এনএছচিএন (আইএম)য়ে কেইবছৰমান আগতে নগা বসতি প্ৰধান এলেকাক লৈ "নাগালিম"ৰ এখন সুকীয়া মানচিত্ৰ প্ৰকাশ কৰিছিল ৷ তাত সন্নিৱিষ্ট কৰা ১,০৩,৪৭৩ বৰ্গ কিলোমিটাৰ নগা বসতি এলেকাৰ ভিতৰত ১৬,৫২৭ বৰ্গ কিলোমিটাৰ ঠাইৰ বৃহত্তৰ নাগালেণ্ড । অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ নগা বসতি প্ৰধান আনজাও ,চাংলাং, টিৰাপ ,লোহিত, লংডিং আৰু নামচাই জিলাক এই মানচিত্ৰত সামৰি লোৱা হৈছে । কিন্তু এনএছচিএন (আইএম)য়ে টিৰাপ, চাংলাং, লংডিং জিলাকেইখন নগা অধ্যুষিত প্ৰধান দাবী কৰি আহিছে ।