ETV Bharat / city

Tunnel under Brahmaputra river : প্ৰতিৰক্ষা বিভাগে নিৰ্মাণ কৰিব সুৰংগ - defence minister Rajnath Singh

ভাৰত আৰু চীনৰ মাজত চলি থকা উত্তেজনা পৰিস্থিতিৰ মাজতে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷ নগাঁও জিলাৰ মিছাৰ পৰা তেজপুৰক সংযোগ কৰিব ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে নিৰ্মাণ কৰিবলগীয়া সুৰংগ(tunnel under brahmaputra river)ই ।

tunnel under brahmaputra river
ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে সুৰংগ
author img

By

Published : Nov 21, 2021, 8:05 PM IST

তেজপুৰ, 21 নৱেম্বৰ : অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Chief Minister Himanta Biswa Sarma)ই চলিত সপ্তাহত দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙ(defence minister Rajnath Singh)ক সাক্ষাৎ কৰি ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে আৰম্ভ হ’বলগীয়া সুৰংগ(tunnel under brahmaputra river)ৰ বিষয়ে আলোচনা কৰে । মুঠ 4,000 টকাৰ পৰা 5,000 কোটি টকাৰে ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া এই নদীৰ মেজিৰ সুৰংগৰ বাবে ইতিমধ্যে যাৱতীয় অনুমোদন লাভ কৰা হৈছে । ভাৰতীয় সেনাই জৰিয়তে এই সুৰংগ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও নিৰ্মাণৰ দায়িত্ব ব’ৰ্ডাৰ ৰোডছক দিয়াৰ বিষয়ে আলোচনা কৰা হয় ।

tunnel under brahmaputra river
ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে সুৰংগ

ভাৰত আৰু চীনৰ মাজত চলি থকা উত্তেজনা পৰিস্থিতিৰ মাজতে ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । অসমৰ দুখন জিলাৰ মাজেৰে এই সুৰংগ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব । নগাঁও জিলাৰ মিছাৰ পৰা তেজপুৰত সংযোগ কৰিব এই সুৰংগই । মুঠ 15 কিলোমিটাৰ দূৰত্বৰ এই চাৰিলেনযুক্ত সুৰংগ নদীৰ মাজেৰে আৰু ওপৰত পথ সংযুক্ত থাকিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

2020 চনত গলোৱান কাণ্ডৰ পাছত ভাৰতীয় সেনাৰ এই সিদ্ধান্তৰ বিষয়ে অসম চৰকাৰে বিধানসভাৰ মজিয়াত প্ৰস্তাৱ গ্ৰহণ কৰে আৰু ইয়াৰ পাছতেই তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰৰ নদীৰ মাজেৰে এটা সুৰংগ নিৰ্মাণৰ কথা ঘোষণা কৰে । অৰুণাচল প্ৰদেশৰ চেলা পাছ আৰু নেচিপু অঞ্চলত দুটাকৈ সুৰংগ নিৰ্মাণৰ কাম প্ৰায় সমাপ্ত হোৱাৰ দিশে গতি কৰাৰ সময়ত অসমৰ ব্ৰহ্মপুত্ৰৰ নদীৰ মাজেৰে এই সুৰংগ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব ।

tunnel under brahmaputra river
ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে সুৰংগ

এই সুৰংগ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’লে ভাৰতীয় সেনাৰ বাবে অসমৰ মিছাৰ পৰা সেনাৰ সালসলনি হোৱা কনভয় আৰু বিভিন্ন ঠাইৰ পৰা ভাৰত-চীন সীমান্তলৈ কম সময়ৰ ভিতৰত উপস্থিত হ’বলৈ সুবিধা হ’ব । উল্লেখযোগ্য যে, নগাঁও জিলাৰ আৰু তেজপুৰৰ মাজত কলীয়াভোমোৰা দলঙৰ নির্মাণ কাৰ্যও প্ৰায় সমাপ্তৰ দিশে ৷ এই দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ উত্তৰ দিশে ভাৰত-চীন সীমান্তৰ বাবে যোগাযোগ ব্যৱস্থা এক সুকীয়া মাত্ৰা লাভ কৰিব ।

লগতে পঢ়ক : ৰঙা চীনক ৰুধিবলৈ ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ পথ কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.