ETV Bharat / city

ভূমিস্খলনৰ বাবে বন্ধ "ভালুকপুং-বমদিলা"ৰ মাজত যাতায়ত

author img

By

Published : Jun 19, 2020, 8:15 PM IST

ভালুকপুংৰ নেচিফু পৰা জমিৰ এৰি জিৰ পইণ্টলৈ স্তব্ধ সম্পূৰ্ণ জনজীৱন । ভূমিস্খলনৰ বাবেই নেচিফু পৰা জমিলৈ বিচ্ছিন্ন যাতায়ত ব্যৱস্থা । সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে ভালুকপুং-বমদিলাৰ মাজৰ সংযোগী পথ ।

Travel between Bhalukpung to Bamdila closed for landslides

তেজপুৰ,১৯ জুন : ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে ভাৰত-চীন সীমান্ত । সীমান্তলৈ যোৱা তেজপুৰৰ পৰা চাৰিদুৱাৰ ভালুকপুং হৈ টাৱাং সংযোগী পথছোৱা বিগত এমাহ ধৰি হৈ আছে বন্ধ । ইপিনে ভালুকপুঙৰ নেচিফু পৰা জমিৰ এৰি জিৰ পইণ্ট লৈকে সম্পূৰ্ণৰূপে স্তব্ধ জনজীৱন ।

ভূমিস্খলনৰ বাবে বন্ধ "ভালুকপুং-বমদিলা"ৰ মাজত যাতায়ত

বিগত এটা মাহ ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলতেই সংঘটিত হোৱা ভূমিস্খলনৰ ফলত ব্য়াহত হৈ পৰিছে এই সমূহ অঞ্চলত যাতায়ত ব্য়ৱস্থা । ভূমিস্খলনৰ ফলত জৰাজীৰ্ণ হৈ পৰা পথটো পুনৰ মেৰামতিৰ বাবে পূৰ্ণ গতিত চলাই থকা হৈছে কাম । সেনাৰ বাবে তেজপুৰৰ পৰা সীমান্তলৈ যাতায়ত কৰা এইটোৱে আছিল একমাত্ৰ সহজ পথ । অৱশ্য়ে কিছু বছৰৰ পূৰ্বে চেৰগাঁও ৰূপা হৈ বমদিলালৈ সংলগ্ন হোৱাৰ বাবে ওৰাং হৈও অহা যোৱা কৰিব পৰা হৈছে । এতিয়া সীমান্তৰ সেনাবাহীনিৰ বাবে চেৰগাঁও ৰূপা সংলগ্ন পথটোৱে সীমান্তলৈ যাবৰ বাবে প্ৰধান পথ হিচাপে চিহ্নিত হৈছে ।

উল্লেখ্য় যে, 2019 চনৰো এনে এক সময়তে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল । য'ত বহু কেইখন বাহন ধ্বংসস্তুপত পৰিণত হৈছিল । বর্তমানেও একেই অৱস্থাৰ সৃষ্টি হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.