ETV Bharat / city

দ্বিতীয় মৃত্যু বাৰ্ষিকীত তেজপুৰত গীতে-মাতে স্মৰণ প্ৰয়াত কণ্ঠশিল্পী পংকজ বৰদলৈক - পংকজ বৰদলৈ সোঁৱৰণী বঁটা

প্ৰয়াত কণ্ঠশিল্পী পংকজ বৰদলৈৰ নামত অহা বছৰৰ পৰা প্ৰদান কৰা হ’ব পংকজ বৰদলৈ সোঁৱৰণী বঁটা (Pankaj Bordoloi memorial award)৷ দ্বিতীয় মৃত্যু বাৰ্ষিকীত ঘোষণা বিশিষ্ট নৃত্য শিল্পী তথা পত্নী ৰুবী বৰদলৈৰ । শনিবাৰে তেজপুৰত দ্বিতীয় মৃত্যু বাৰ্ষিকীত সোঁৱৰণ কৰা হয় কণ্ঠশিল্পীগৰাকীক ৷

Pankaj Bordoloi memorial award
Pankaj Bordoloi memorial award
author img

By

Published : Mar 20, 2022, 8:57 AM IST

তেজপুৰ, ১৯ মাৰ্চ : ‘‘প্ৰয়াত কণ্ঠশিল্পী পংকজ বৰদলৈয়ে বিষ্ণু ৰাভা সংগীতৰ পৰা জ্যোতি সংগীত, পাৰ্বতী প্ৰসাদৰ গীত তথা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীত নিৰ্ভুল আৰু নিজস্বভাৱে পৰিৱেশন কৰি যেনেদৰে শ্ৰোতাৰ হৃদয় জিনিছিল, তাৰ বাবে প্ৰয়াত বৰদলৈ ৰাইজৰ মাজত সদায়েই স্মৰণীয় হৈ থাকিব ৷’’ ৰাজ্যৰ এগৰাকী বিশিষ্ট সংগীত শিল্পী প্ৰয়াত পংকজ বৰদলৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী (Second death anniversary of vocalist Pankaj Bordoloi) উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতীৰ উদ্যোগত আৰু শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সহযোগত প্ৰয়াত শিল্পী গৰাকীৰ সোঁৱৰণী কাৰ্যসূচীত অংশ লৈ শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে এইদৰে কয় ৷

উল্লেখযোগ্য যে, শনিবাৰে তেজপুৰৰ পকী হিচাপে খ্যাত জ্যোতি ভাৰতীত অনুষ্ঠিত স্মৃতিচাৰণ অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী মুকলি কৰে উপায়ুক্তই ৷ আনহাতে এই অনুষ্ঠানত অংশ লৈ বিধায়ক পৃথ্বীৰাজ ৰাভাই প্ৰয়াত শিল্পী গৰাকীৰ স’তে এসময়ত কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ স্মৃতি ৰোমন্থন কৰি পংকজ বৰদলৈৰ গায়কীৰ অনন্য শৈলীৰ বিষয়ে প্ৰকাশ কৰে ৷ ৰূপালী নাও নামৰ শ্ৰব্য সঁফুৰাৰ নিৰ্মাণৰ সময়ত বৰদলৈয়ে প্ৰতিটো গীতেই কেনেদৰে অন্তৰৰ পৰা পৰিৱেশন কৰাটো বিচাৰিছিল সেই বিষয়েও প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

Pankaj Bordoloi memorial award
প্ৰয়াত পংকজ বৰদলৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী

ৰাভাই শিল্পী বৰদলৈৰ গীত সমূহ নতুনকৈ বাণীবদ্ধ কৰি নৱপ্ৰজন্মৰ মাজলৈ নিয়াত গুৰুত্ব আৰোপ কৰে ৷ গীতে-মাতে তথা নৃত্যই এক বিশেষ পৰিৱেশৰ সৃষ্টি কৰা এই অনুষ্ঠানত প্ৰয়াত বৰদলৈৰ এশ এবছৰীয়া পিতৃ হৰেণ বৰদলৈয়ে পুত্ৰৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে ৷

অনুষ্ঠানত প্ৰয়াত পিতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কন্যা ভায়লিনা বৰদলৈয়ে পিতৃয়ে পৰিৱেশন কৰা দুটা গীতৰ উপৰি লিজা শইকীয়াৰ স’তে এক নৃত্যও পৰিবেশন কৰে ৷ প্ৰয়াত কণ্ঠশিল্পী গৰাকীৰ বিষয়ে স্মৃতি ৰোমন্থন কৰি প্ৰবীন অভিনেত্ৰী কল্পনা কলিতা, সমাজকৰ্মী মীনাক্ষী ভূঞা আৰু অলক নাথে শিল্পীজনৰ বিভিন্ন দিশৰ অৱলোকন কৰে ৷ আনহাতে শিল্পী বৰদলৈৰ এগৰাকী সংগীত গুৰু ৭৮ বছৰীয়া সচ্চিদানন্দ বৰাই ছাত্ৰ হিচাপে পোৱা বৰদলৈৰ সেই উৎসুক মনটো শেষ সময়লৈকে থকাৰ বিষয়ে স্মৰণ কৰি তেওঁৰ শিকাৰ প্ৰতি থকা আগ্ৰহৰ বিষয়েও স্মৰণ কৰে ৷ তেওঁ প্ৰয়াত শিষ্যৰ সোঁৱৰণত দুটা গীতো পৰিৱেশন কৰে ৷

তেজপুৰৰ বিশিষ্ট কণ্ঠশিল্পী তথা প্ৰয়াত বৰদলৈৰ সুদীৰ্ঘ কালৰ সহযোগী পৱন দাস, বিতোপন বৰা, সীমান্ত কাকতি, প্ৰণৱ লহকৰৰ উপৰিও প্ৰাঞ্জল শইকীয়াই গীত পৰিৱেশন কৰা এই অনুষ্ঠানত শিল্পী লহকৰে ৰণডাংকাৰ জৰিয়তে ৰাইজৰ মাজত সংগীতে যি পৰিৱেশ সৃষ্টি কৰিছিল সেইবিষয়েও প্ৰকাশ কৰে ৷ এইসকল শিল্পীয়ে পৰিৱেশন কৰা গীতে অনুষ্ঠানটোৰ মাত্ৰা অধিক বৃদ্ধি কৰে ৷ সাংস্কৃতিক কৰ্মী শান্তনু মহন্ত আৰু প্ৰয়াত শিল্পী বৰদলৈৰ স’তে ৩০বছৰৰ অধিক কাল সংগত কৰা তেজপুৰৰ এজন বিশিষ্ট বাদ্যযন্ত্ৰী প্ৰাঞ্জল বৰুৱাই প্ৰয়াত বৰদলৈৰ বিভিন্ন দিশৰ লগতে তেওঁলোকে অতিবাহিত কৰা বহু মধুৰ অনুভৱ ব্যক্ত কৰে ৷

ৰাজ্যখনৰ এজন শ্ৰেষ্ঠ কণ্ঠশিল্পী হোৱা সত্বেও প্ৰয়াত বৰদলৈয়ে তেজপুৰ এৰি বাহিৰলৈ নগ’ল বুলিও মন্তব্য কৰা দুইগৰাকী বক্তাই শিল্পী গৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাত গুৰুত্ব আৰোপ কৰে ৷ জংগম, বাণ থিয়েটাৰ, ভূপেন হাজৰিকা কলা ভূমিৰ উপৰিও তাহানিতে আছুৰ স’তে প্ৰয়াত বৰদলৈৰ থকা সম্পৰ্কৰ বিষয়েও স্মৃতি ৰোমন্থন কৰে বক্তা সকলে ৷

Pankaj Bordoloi memorial award
গীতে মাতে স্মৰণ প্ৰয়াত কণ্ঠ শিল্পী পংকজ বৰদলৈক

প্ৰয়াত শিল্পীগৰাকীৰ সহধৰ্মিনী ৰুবী বৰদলৈয়ে তেওঁৰ স্বামীক এজন শিল্পী হিচাপেই জ্ঞান কৰাৰ বিষয়ে প্ৰকাশ কৰি তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে সদায়েই চেষ্টা অব্যাহত ৰাখিব বুলি কয় ৷ প্ৰয়াত কণ্ঠশিল্পী পংকজ বৰদলৈৰ নামত অহা বছৰৰ পৰা প্ৰদান কৰা হ’ব পংকজ বৰদলৈ সোঁৱৰণী বঁটা (Pankaj Bordoloi memorial award) ৷ দ্বিতীয় মৃত্যু বাৰ্ষিকীত ঘোষণা বিশিষ্ট নৃত্য শিল্পী তথা পত্নী ৰুবী বৰদলৈৰ । জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন দাসে আঁত ধৰা অনুষ্ঠানত তেওঁ বৰদলৈৰ জীৱন আৰু সাংগীতিক যাত্ৰাৰ বিষয়েও সৱিশেষ প্ৰকাশ কৰে ৷ অনুষ্ঠানৰ শেষত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ কুমাৰ হাজৰিকাই শলাগৰ শৰাই আগবঢ়াই ৷

লগতে পঢ়ক : দৌল উৎসৱত অংশ লৈ জৰ্জিয়াৰ ৰাষ্ট্ৰদূতে ক’লে, ''কলিয়া বাবা কি জয়''

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.