ETV Bharat / city

আহিনৰ বানৰ কৱলত জয়মতীৰ নিৰ্মাণস্থলী; পথৰ ওপৰেদি বাগৰিছে ছত্ৰঙৰ পানী

author img

By

Published : Oct 7, 2020, 1:39 PM IST

গহপুৰত নিশা ছত্ৰং নৈৰ কালৰূপ; নেৰানেপেৰা বৰষুনত ফেনে ফুটুকাৰে বাঢ়িছে নৈখনৰ পানীৰ স্তৰ । ইতিমধ্যেই 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰিছে ৷

আহিনৰ বানৰ কৱলত জয়মতীৰ নিৰ্মাণস্থলী; পথৰ ওপৰেদি বাগৰিছে ছত্ৰঙৰ পানী
আহিনৰ বানৰ কৱলত জয়মতীৰ নিৰ্মাণস্থলী; পথৰ ওপৰেদি বাগৰিছে ছত্ৰঙৰ পানী

তেজপুৰ, 7 অক্টোবৰ : যোৱা নিশাৰ পৰাই গহপুৰত কালৰূপ ধাৰণ কৰিছে ছত্ৰং নৈয়ে ৷ নেৰানেপেৰা বৰষুনৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা নৈখনৰ পানী ইতিমধ্যে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে ৷ বছৰে ইয়াৰ বাবে কোটি কোটি টকা আৱন্টিত হয় যদিও জলসম্পদ বিভাগ আৰু ঠিকাদাৰৰ গাঁফিলতিৰ ফলত এনেদৰে বাৰে বাৰে একে সমস্যাত ভুগিব লগা হৈছে ছত্ৰংবাসী ৰাইজে ৷ যাৰ বাবে এমাহতে 5 বাৰ একেটা সমস্যাৰ সন্মুখীন হৈছে ৰাইজ ৷

নিশা অৰুণাচলৰ পৰা বৈ অহা পাহাৰীয়া ছত্ৰং নৈয়ে মাহটোতে পাঁচবাৰকৈ এই সমস্যাৰ সৃষ্টি কৰাৰ ফলত ছত্ৰংবাসী আজি দিশহাৰা হৈ পৰিছে । জলসম্পদ বিভাগ আৰু ঠিকাদাৰৰ গাঁফিলতিৰ ফলত বাৰে বাৰে একেটা সমস্যাত ভুগি ছত্ৰংবাসীৰ বহুতেই হেৰুৱাব লগা হৈছে ঘৰ-ভেটি ।

আনহাতে,আহিনৰ এই বানৰ কৱলত পৰিছে প্ৰথম অসমীয়া কথাছবি জয়মতীৰ নিৰ্মাণস্থলী ভোলাগুৰি চাহ বাগিচা। বুধবাৰে পুৱাৰে পৰা ধাৰাষাৰ বৰষুণ দি থকাৰ ফলত ফেনেফুটুকাৰে বাঢ়ি অহা বালিজান নৈৰ তিনিটা অংশত মথাউৰি ছিগাৰ ফলত বাঢ়নি পানীয়ে ভোলাগুৰি চাহ বাগিচাৰ প্ৰায় 80 শতাংশ অঞ্চল প্লাৱিত কৰি তুলিছে ৷ চাহবাগান, চিকিৎসালয়, স্কুল, বাসগৃহসমূহ বৰ্তমান পানীৰ তলত । আহিনৰ শেহতীয়া বানে এক প্ৰকাৰ দিশহাৰা কৰি তুলিছে বাগানবাসী ৰাইজক ।

লগতে পঢ়ক : গুৰুগ্ৰামত কেন্দ্ৰীয়ভাৱে RAFৰ 28 সংখ্যক স্থাপনা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.