ETV Bharat / city

প্ৰথমবাৰৰ বাবে সৈনিক স্কুলত ছাত্ৰীৰ নামভৰ্তি, অধিসূচনা জাৰী - সৈনিক স্কুল

প্ৰথমবাৰৰ বাবে দেশৰ সৈনিক স্কুলত ছাত্ৰীৰ নামভৰ্তিক লৈ অধিসূচনা জাৰী কৰিছে সৈনিক স্কুল ছ'চাইটিয়ে ৷ অসমৰ গোৱালপাৰা জিলাস্থিত সৈনিক স্কুলৰ বাবেও জাৰী কৰা হৈছে নামভৰ্তিৰ নিৰ্দেশনা ৷ দেশৰ ছখন সৈনিক স্কুলত হ'ব ছাত্ৰীৰ নামভৰ্তি ৷

প্ৰথমবাৰৰ বাবে সৈনিক স্কুলত ছাত্ৰীৰ নামভৰ্তি, অধিসূচনা জাৰী

author img

By

Published : Nov 10, 2020, 7:14 PM IST

তেজপুৰ, 10 নৱেম্বৰ : প্ৰথমবাৰৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াৰ অধীনস্থ সৈনিক স্কুলত ছাত্ৰীৰ কাৰণে মুকলি কৰিলে নামভৰ্তিৰ জাননী ৷ দেশৰ মুঠ ছখন বিদ্যালয়ত ছাত্ৰীৰ নামভৰ্তি হ'ব ৷

সেই অনুসৰি, অসমৰ গোৱালপাৰা জিলাস্থিত সৈনিক স্কুলৰ বাবেও জাৰী কৰা হৈছে নামভৰ্তিৰ জাননী ৷ সপ্তম শ্ৰেণীৰ নামভৰ্তিৰ বাবে অহা 2021-22 বৰ্ষৰ নামভৰ্তিৰ প্ৰ-পত্ৰ দাখিলৰ অন্তিম দিন অহা 19 নৱেম্বৰ বুলি জনাইছে ভাৰতীয় সেনাৰ মুখপাত্ৰ লেফ্টনেন্ট কৰ্ণেল পি খোনচাই । এই প্ৰ-পত্ৰৰ বাবে যাৱতীয় তথ্য https://www.sainikschooltvm.nic.in/ ৱেবচাইটত উপলব্ধ হৈছে ৷

প্ৰথমবাৰৰ বাবে সৈনিক স্কুলত ছাত্ৰীৰ নামভৰ্তি, অধিসূচনা জাৰী
প্ৰথমবাৰৰ বাবে সৈনিক স্কুলত ছাত্ৰীৰ নামভৰ্তি, অধিসূচনা জাৰী

1964 চনত স্থাপন হোৱা গোৱালপাৰা সৈনিক স্কুলৰ 300ৰো অধিক প্ৰাক্তন ছাত্ৰ ভাৰতীয় সেনা আৰু বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত হৈ আছে আৰু দেশৰ উচ্চ পৰ্যায়ৰ আসন দখল কৰিছে । লগতে দেশৰ ভাৰতীয় প্ৰশাসনিক বিষয়া,ভাৰতীয় আৰক্ষী সেৱা,অসম প্ৰশাসনিক সেৱা আদিত কাম কৰি আছে ।

আনহাতে প্ৰথমবাৰৰ বাবে দেশৰ ছখন সৈনিক স্কুলত ছাত্ৰীৰ নামভৰ্তিৰ বাবেও আগন্তুক শিক্ষাবৰ্ষৰ নামভৰ্তিৰ জাননী জাৰী কৰা হৈছে ৷ এইকেইখন স্কুল হৈছে কালিকিৰি (অন্ধ্ৰ প্ৰদেশ), কোদাগু (কৰ্নাটক), ঘোৰাখাল (উত্তৰাখণ্ড), চন্দ্ৰপুৰ (মহাৰাষ্ট্ৰ), বিজাপুৰ (কৰ্নাটক) আৰু বালাচান্দি (গুজৰাট) ৷

লগতে পঢ়ক : জালুকবাৰী আয়ুৰ্বেদিক চিকিৎসালয়ত এটা ক'ভিড স্কেনিং চেন্টাৰ মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.