ETV Bharat / city

Tiger menace in Barchala : গোহালিত সোমাই বাঘে খালে গৰু - Tiger menace in Barchala

বৰছলাত এটা ঢেকীয়াপতীয়া বাঘকলৈ ৰাইজৰ মাজত আতংক (Royal Bengal Tiger menace in Barchala) । নিছলামাৰী গাঁৱৰ বুধেশ্বৰী দাস নামৰ মহিলা গৰাকীৰ গোহালীত সোমাই এটা পশুধন হত্যা কৰে বাঘটোৱে ৷ অৱশেষত বাঘটোক গাঁওখনৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দিশে খেদি পঠিওৱাত সক্ষম হয় বন বিভাগ ।

Tiger menace in Barchala
Tiger menace in Barchala
author img

By

Published : Dec 30, 2021, 7:26 PM IST

ৰঙাপৰা, 30 ডিচেম্বৰ : কেৱল বন্যহস্তী নহয়, এতিয়া বাঘেও আতংকৰ সৃষ্টি কৰিবলৈ লৈছে জনাঞ্চলত ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বাঘৰ বাবে ৰাজ্যৰ বহু স্থানত বিপদত পৰিছে ৰাইজ ৷ বৰছলাত এটা ঢেকীয়াপতীয়া বাঘক লৈ ৰাইজৰ মাজত আতংক (Royal Bengal Tiger menace in Barchala) । শোণিতপুৰ জিলাৰ তেজপুৰৰ ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলৰ লগতে কাষৰীয়া অঞ্চলত কিছুদিন পূৰ্বে এটা প্ৰাপ্তবয়স্ক ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰি থকাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই বৃহস্পতিবাৰে আতংকৰ সৃষ্টি কৰে আন এটা বাঘে ৷ বাঘটোৱে এটা পশুধন হত্যা কৰি গোহালিতে অৱস্থান কৰি থাকে (Tiger killed Domestic animal in Barchala)।

নিছলামাৰী গাঁৱৰ বুধেশ্বৰী দাস নামৰ মহিলা গৰাকীৰ গোহালীত বুধবাৰে নিশাৰে পৰাই ঢেকীয়াপতীয়া বাঘটো সোমাই থকাৰ সকলোৱে সন্দেহ প্ৰকাশ কৰিছে । মহিলা গৰাকীৰ পোহনীয়া এটা গৰু নিধন কৰি বাঘটো গোহালী ঘৰটোতে সোমাই থাকে ।

গোহালিত সোমাই বাঘে খালে গৰু

নিশাৰ ভাগত খাদ্যৰ সন্ধানত ওলাই অহা উক্ত বাঘটোৱে মহিলা গৰাকীৰ গোহালিত সোমাই এটা বলধ গৰু হত্যা কৰি ভক্ষণ কৰে যদিও গোহালি ঘৰটোৰ পৰা আঁতৰি যোৱা নাছিল বাঘটো । বহু সময় ধৰি গোহালি ঘৰটোত বাঘটোৱে অৱস্থান কৰি থকাত গোহালিত থকা বাৰটাকৈ গৰু আৰু কেইবাটাও ছাগলি গোহালিতেই আৱদ্ধ হৈ ৰয় ।

ইফালে বাঘটোৰ বাবে নিশাৰ পৰাই পৰিয়ালটোৱেও ঘৰ এৰি নিৰাপদ স্থানত থাকিবলগীয়া হয় (Terror of Royal Bengal tiger in Tezpur) ৷ ইপিনে নিছলামাৰী গাঁৱত বনৰজাৰ আতংকৰ খবৰ পোৱাৰ পাছতেই ঘটনাস্থলীত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ (Orang national Park)বনৰক্ষী বাহিনীৰ দল আৰু ঢেকিয়াজুলি বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীৰ উপৰিও স্থানীয় আৰক্ষী উপস্থিত হয় ।

অৱশেষত বাঘটোক গাঁওখনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ দিশে খেদি পঠিওৱাত সক্ষম হয় বন বিভাগ । প্ৰায় ১৫ ঘন্টা সময় গাঁওখনত আতংকৰ সৃষ্টি কৰে ঢেকীয়াপতীয়া বাঘটোৱে । বাঘটোক চাবলৈ অঞ্চলটোত শ শ লোকে ভিৰ কৰা পৰিলক্ষিত হয় । বুধবাৰে নিশাৰ ভাগত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা প্ৰাপ্তবয়স্ক প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটোৱে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে উদ্যানখনৰ কাষৰীয়া অঞ্চল বৰছলাৰ নিছলামাৰী গাঁওখনত ।

লগতে পঢ়ক : Man elephant conflict : ৰাজ্যৰ চৌদিশে বনহস্তীৰ আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.