ETV Bharat / city

মিছামাৰীত পথ দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু - পথ দুৰ্ঘটনা

প্ৰচণ্ড ধুমুহাৰ মাজতে বুধবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ পকী কালভাৰ্টত খুন্দা মৰাৰ ফলত নিহত হয় এগৰাকী বাইক আৰোহী ৷ নিহত ব্যক্তিজন চামচোন বসুমতাৰী বুলি জানিব পৰা গৈছে ৷

ইটিভি ভাৰত, etvbharat
মিছামাৰীত পথ দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু
author img

By

Published : Apr 16, 2020, 11:43 AM IST

ৰঙাপৰা, 16 এপ্ৰিলঃ বুধবাৰে ৰাজ্যত প্ৰচণ্ড ধুমুহাৰ মাজতে শোণিতপুৰ জিলাত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ জিলাখনৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত গোলাই চেন্টাৰৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো ৷

ইটিভি ভাৰত, etvbharat
পথ দুৰ্ঘটনাত নিহত যুৱকজন

লগতে পঢ়কঃ ব্ৰহ্মপুত্ৰত দুখন মাছমৰীয়া নাও ডুবাৰ সন্দেহ

জানিব পৰা অনুসৰি,ঢেকিয়াজুলিৰ বাতাচীপুৰৰ চামচোন বসুমতাৰী নামৰ যুৱকজনে, AS-12H-5061পঞ্জীয়নভুক্ত পালছাৰ বাইকেৰে মিছামাৰীৰ পৰা নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো ৷ গোলাই চেণ্টাৰৰ সমীপত জীয়াবাৰীত থকা পকী কালভাৰ্টটোত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰেৰে মটৰ চাইকেলখনে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় যুৱকজন ।

ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে মিছামাৰী আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে যুৱকজনৰ মৃতদেহৰ লগতে বাইকখন জব্দ কৰি থানালৈ লৈ যায় ৷ ইতিমধ্যে যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ চুবুৰীয়া ৰাষ্ট্ৰৰ সহায়াৰ্থে সাজু কৰি ৰখা হৈছে ভাৰতীয় সেনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.