তেজপুৰ, ২ মাৰ্চ : সমাগত ৰাজ্যৰ পৌৰসভা নিৰ্বাচন (Assam municipality election)৷ অহা 6 মাৰ্চত অনুষ্ঠিত হ’ব এই পৌৰসভা নিৰ্বাচন ৷ ইয়াৰ মাজতে শোণিতপুৰ জিলাত সংঘটিত হৈছে এক আশ্চৰ্যজনক ঘটনা ৷ মনোনয়ন পৰীক্ষাৰ সময়ত মনোনয়ন নাকচ হোৱা ঢেকিয়াজুলিৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন বৈধ বুলি ঘোষণা কৰিছে আদালতে ৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশমতে শোণিতপুৰ জিলাৰ নিৰ্বাচনী বিষয়াই যোৱা ১৫ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰ গ্ৰহণ কৰি যোৱা ১৭ ফেব্ৰুৱাৰীত নিৰীক্ষণ কৰিছিল ৷ ২০ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰ উঠাই লোৱাৰ শেষ দিন আছিল ।
উল্লেখযোগ্য যে, ঢেকিয়াজুলি পৌৰসভাৰ দুই নম্বৰ ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়নপত্ৰ দাখিল কৰা প্ৰভাকৰ শুক্লাৰ মনোনয়নপত্ৰ পৰীক্ষাৰ সময়ত ঢেকিয়াজুলি পৌৰসভাৰ নিৰ্বাচনী বিষয়া তন্ময় বৰাই বিসংগতি থকা বুলি নাকচ কৰিছিল ৷ কিন্তু ইয়াৰ পিছত নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে শোণিতপুৰ জিলা আদালতৰ আশ্ৰয় লোৱাত আদালতে মনোনয়নপত্ৰ আৰু তথ্য-পাতি আদি পৰীক্ষা কৰি বুধবাৰে বৈধ ঘোষণা কৰে (Sonitpur municipality election news)৷
![rejected nomination paper becomes valid](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-2march-03-pix-pil-pranabkumardas-7203907_02032022135339_0203f_1646209419_657.jpg)
আদালতে চূড়ান্ত ৰায়ত শুক্লাৰ মনোনয়নপত্ৰখন বৈধ ঘোষণা কৰি প্ৰাৰ্থীগৰাকীক নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ অনুমতি প্ৰদান কৰিছে ৷ কি পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে প্ৰাৰ্থীজনৰ মনোনয়ন নাকচ কৰিছিল সেয়া জানিব পৰা হোৱা নাই ৷
উল্লেখ্য যে, পৌৰসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজ্যৰ শাসক-বিৰোধী উভয় পক্ষই তৎপৰ হৈ পৰিছে (Assam civic poll)৷ বিধানসভাত মিত্ৰতাত থাকিলেও কিন্তু পৌৰসভা নিৰ্বাচনত নিজাকৈ প্ৰাৰ্থী আগবঢ়াইছে বিজেপি আৰু অগপ দলে ৷ কংগ্ৰেছক একপ্ৰকাৰে উৎখাত কৰাৰ হুংকাৰ বিজেপি দলৰ ৷ ইফালে কংগ্ৰেছেও বিজেপিক পৰাভূত কৰি পৌৰ নিৰ্বাচনত আশানুৰূপ ফল দেখুৱাবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে ৷
লগতে পঢ়ক : Assam municipal election: চাবুৱাত দুস্কৃতিকাৰীয়ে জ্বলালে অগপৰ নিৰ্বাচনী কাৰ্যালয়