নিউজ ডেস্ক, 21 জানুৱাৰী : অসম তথা ভাৰতৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ 18 সংখ্যক সমাৱৰ্তন 22 জানুৱাৰীত অনুষ্ঠিত হ’ব ৷ কোভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথমবাৰৰ বাবে এইবাৰ ভাৰ্চুৱেলি অনুষ্ঠিত হ’ব সমাৱৰ্তন অনুষ্ঠান য’ত 1218 গৰাকী শিক্ষাৰ্থীক তেওঁলোকৰ সন্মানীয় ডিগ্ৰীসমূহ প্ৰদান কৰা হ’ব ৷
আনহাতে বিশ্ববিদ্যালয়খনৰ এই সমাৱৰ্তন অনুষ্ঠানত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে ৷ ইয়াৰ উপৰিও সমাৱৰ্তনত উপস্থিত থাকিব ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
-
Hon'ble Prime Minister of India Shri @narendramodi ji will be addressing the 18th convocation of @TezpurUniv on 22nd Jan at 10:40 AM. The event will be covered #live on Minister of Education Shri @DrRPNishank's Twitter/FB pages.
— Ministry of Education (@EduMinOfIndia) January 21, 2021 " class="align-text-top noRightClick twitterSection" data="
Search for username '@DrRPNishank' to join #live. pic.twitter.com/Ec9DBtX9vn
">Hon'ble Prime Minister of India Shri @narendramodi ji will be addressing the 18th convocation of @TezpurUniv on 22nd Jan at 10:40 AM. The event will be covered #live on Minister of Education Shri @DrRPNishank's Twitter/FB pages.
— Ministry of Education (@EduMinOfIndia) January 21, 2021
Search for username '@DrRPNishank' to join #live. pic.twitter.com/Ec9DBtX9vnHon'ble Prime Minister of India Shri @narendramodi ji will be addressing the 18th convocation of @TezpurUniv on 22nd Jan at 10:40 AM. The event will be covered #live on Minister of Education Shri @DrRPNishank's Twitter/FB pages.
— Ministry of Education (@EduMinOfIndia) January 21, 2021
Search for username '@DrRPNishank' to join #live. pic.twitter.com/Ec9DBtX9vn
অৱশ্যে ভাৰ্চুৱেলি অনুষ্ঠিত হ’লেও সন্মানীয় ডক্টৰেট ডিগ্ৰী আৰু সোণৰ পদক লাভ কৰা শিক্ষাৰ্থীসকলে এই সমাৱেশত পাৰ্থিৱভাৱে অংশগ্ৰহণ কৰিব ৷ 2020 চনত বিভিন্ন স্নাতক, স্নাতকোত্তৰ আৰু ডিপ্ল’মা উত্তীৰ্ণ মুঠ 1218 গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব তেওঁলোকৰ সন্মানীয় প্ৰমাণপত্ৰসূহ ৷ মুঠ শিক্ষাৰ্থীসকলৰ ভিতৰত 48 গৰাকীয়ে শীৰ্ষস্থান অধিকাৰ লাভ কৰাৰ লগতে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক : তেজপুৰ বিশ্ববিদ্যালয়ৰ উদ্য়োগত CAAৰ বিৰুদ্ধে ‘Echoes From Hills’ শীৰ্ষক কাৰ্যসূচী