তেজপুৰ,৯ জুনঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মহিলা অষ্ট্ৰোপ্ৰচাৰ কক্ষত চিকিৎসাধীন ৰোগীৰ দেহত কৰ'ণা ভাইৰাছৰ পজিটিভ চিনাক্ত হয় । কৰ'ণাত আক্ৰান্ত গৰাকীৰ নাম হাছনা বেগম ৷
গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ৰ নেফ্ৰলগজি বিভাগত পূৰ্বে চিকিৎসাধীন হৈ থকা নগাঁও জিলাৰ হাছনা বেগম নামৰ মহিলা গৰাকীক মঙলবাৰে ভৰ্তি কৰোৱা হৈছিল তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত । মঙলবাৰে মহিলা গৰাকীক চিকিৎসালয় খনত ভৰ্তি কৰাৰ কেইঘণ্টামানৰ পিছতে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা ৰিপৰ্ট ওলোৱাত চিকিৎসা মহাবিদ্যালয়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । ইতিমধ্যে মহিলা গৰাকীৰ সংস্পৰ্শলৈ অহা চিকিৎসক,নাৰ্ছ,ওৱাৰ্ডটোত চিকিৎসাধীন ৯ গৰাকী ৰোগী আৰু কাষৰ আন এটা কক্ষৰ পৰা ১৪ জন ৰোগীৰ ছোৱাব সংগ্ৰহ কৰে ৷ লগতে মহিলা অষ্ট্ৰোপ্ৰচাৰ কক্ষটোক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে বুলি চিকিৎসা মহাবিদ্যালয়ৰ উপ অধীক্ষক ফণীন্দ্ৰ শৰ্মাই জনায় ।
লগতে পঢ়ক- কৰ'ণাত আক্ৰান্ত টেলিভিছন তাৰকা মোহিনা কুমাৰী