ETV Bharat / city

বিকশিত অসমৰ নমুনাঃ 22 বছৰে নিৰ্মাণ নহ'ল এখন দলং - বিকশিত অসমৰ নমুনাঃ 22 বছৰে নিৰ্মাণ নহ'ল এখন দলং

বিকশিত অসমত নাই যোগাযোগৰ ব্যৱস্থা ৷ এয়া আমাৰ কথা নহয় ৷ নিজেই চাওঁক বেলশিৰি নদীৰ এই প্ৰতিবেদন ৷ শোণিতপুৰৰ মিছামাৰীত বিগত 22 বছৰে টুলুঙা নাৱেৰে বিপদ সংকূলভাৱে যাত্ৰা কৰি আহিছে ৰাইজে ৷

বিকশিত অসমৰ নমুনাঃ 22 বছৰে নিৰ্মাণ নহ'ল এখন দলং

author img

By

Published : Sep 9, 2020, 6:12 PM IST

ৰঙাপৰা, 9 ছেপ্টেম্বৰ : বিকশিত অসমৰ উন্নত যোগাযোগ ব্যৱস্থা নে ৰাইজক মৃত্যুমুখত এৰি দিয়াৰ জীয়া বাস্তৱ সেয়া আপাতত স্পষ্ট নহ'লেও এই কথাকেই প্ৰমাণ কৰিছে শোণিতপুৰ জিলাৰ বেলশিৰি নদীৰ দৃশ্যই ৷ দৰাচলতে এই ঘটনা হৈছে বেলশিৰি নদীৰ সংযোগী মিছামাৰীৰ বাঁহবেৰা-এৰাবাৰী-বেলশিৰি চাহ বাগিচাৰ সংযোগী গড়কাপ্তানী পথচোৱাত থকা এখন দলঙৰ ৷ বিজেপি বিধায়ক অশোক সিংঘালৰ সমষ্টিত থকা এইখন বেলশিৰি নদীৰ দলং 1998 চনতেই ভয়াৱহ বানপানীৰ সময়ত উটি গৈছিল ৷ কিন্তু সেই তেতিয়াৰ পৰাই স্থানীয় ৰাইজ তথা দল-সংগঠনৰ দাবী, আবেদন-নিবেদনক গুৰুত্ব প্ৰদান নকৰি আজিলৈ উক্ত স্থানত নিৰ্মাণ নহ'ল এখন পকী দলং ৷

লগতে পঢ়ক : কৃত্ৰিম বানত জলমগ্ন বাক্সাৰ বৃহত্তৰ অঞ্চল

পৰিৱৰ্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰৰ দিনত বিগত পাঁচ বছৰত কোনোগৰাকী জনপ্ৰতিনিধিৰে সময় নহ'ল বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ দুখ-দুৰ্দশাৰ মৰ্মবেদনা উপলব্ধি কৰাৰ ৷ যাৰ ফলত পূৰ্বতে গুৱাহাটী অভিমুখী যাত্ৰীবাহী বাছৰ লগতে অন্যান্য যান-বাহন চলাচল কৰা উক্ত স্থানেৰে এতিয়া একমাত্ৰ টুলুঙা নাৱেৰেই বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে অঞ্চলটোৰ ৰাইজে ৷ দীৰ্ঘদিনৰ পৰা ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলে এখন পকী দলঙৰ অভাৱত ফেনে-ফুটুকাৰে বাঢ়ি থকা নৈখনৰ ওপৰেদি প্ৰাণটো হাতত লৈ যাত্ৰা কৰিবলগীয়া হৈছে । মিছামাৰীৰ বাঁহবেৰা-এৰাবাৰী-বেলশিৰি চাহ বাগিচাৰ সংযোগী গড়কাপ্তানী পথচোৱাত থকা বেলশিৰি নদীখনৰ ওপৰত এখন কাঠৰ দলং আছিল যদিও 1998 চনতেই দলঙখন বাঢ়নি পানীয়ে উটুৱাই নিয়ে ৷ আৰু তেতিয়াৰে পৰাই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে দুৰ্ভোগ ভুগি পথচোৱাৰে যাতায়ত কৰি আহিছে ৷

বিকশিত অসমৰ নমুনাঃ 22 বছৰে নিৰ্মাণ নোহোৱা দলঙখন

বিপদ সংকূলভাৱে কৰা এই যাত্ৰাৰ সময়ত যিকোনো মূহুৰ্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি যদিও মৰণক শৰন কৰি প্ৰত্যেক দিনাই সকলোৱে ফেনে ফুটুকাৰে বাঢ়ি থকা ভৰা বেলশিৰি নৈখন পাৰ হৈ অহা-যোৱা কৰি আহিছে । এয়াই হৈছে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ উন্নয়নৰ প্ৰকৃত ছবি । বানপানীয়ে কাঠৰ দলঙখন উটুৱাই নিয়াৰ পাছৰে পৰা খৰালি কালত বাঁহৰ দলং আৰু বাৰিষা কালত টুলুঙা নাৱেৰে ৰাইজে অহা-যোৱা কৰি আহিছে । পুৰণি টুলুঙা নাৱখন বেয়া হোৱাত ৰাইজে দান-বৰঙণি সংগ্ৰহ কৰি পুনৰ এখন নাঁও ক্ৰয় কৰি আনিছে । কিন্তু ৰাইজৰ সমস্যা সমাধান কৰি উক্ত স্থানত এখন দলং পুনৰ নিৰ্মাণ কৰাৰ বিপৰীতে ৰাজনৈতিক নেতা তথা বিয়াগোম গড়কাপ্তানি বিভাগে বিগত 22 বছৰ ধৰি জনতাক প্ৰতাৰণাহে কৰিছে ৷ এনে অৱস্থাত স্থানীয় ৰাইজে শীঘ্ৰেই উক্ত স্থানত এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে ৷

লগতে পঢ়ক : জনসাধাৰণক মিছা প্ৰতিশ্ৰুতিৰে আভুৱা ভাৰিছে বিজেপিয়েঃ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.