ETV Bharat / city

ৰাজ্যৰ ৰাজনীতিত নতুন আঞ্চলিক দলৰ সূচনা - অঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ

অঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ এতিয়াৰ পৰা হ’ল ‘‘সংযুক্ত আঞ্চলিক দল, অসম’’ ৷ বুধবাৰে সংবাদ মাধ্যমৰ যোগেদি ৰাজহুৱাকৈ ঘোষণা কৰা হয় নতুন আঞ্চলিক ৰাজনৈতিক দল ‘‘সংযুক্ত আঞ্চলিক দল, অসম’’ ৰ ৷

New Regional Political Party in State
New Regional Political Party in State
author img

By

Published : Aug 26, 2020, 6:47 PM IST

তেজপুৰ, 26 আগষ্ট : বুধবাৰে সংবাদ মাধ্যমৰ যোগেদি ৰাজহুৱাকৈ ঘোষণা কৰা হয় তেজপুৰ চহৰৰ বান থিয়েটাৰত মঙলবাৰে নিশা গঠন হোৱা নতুন আঞ্চলিক ৰাজনৈতিক দল ‘‘সংযুক্ত আঞ্চলিক দল অসম’’ ৰ (United Regional Party, Assam) । অঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ এতিয়াৰ পৰা হ’ল ‘‘সংযুক্ত আঞ্চলিক দল, অসম’’ ৷

জাতীয় সমভাবাপন্ন সকলো দল সংগঠন আৰু পাহাৰ ভৈয়ামৰ সকলো জনগোষ্ঠীৰ একেই চিন্তা, একেই দৰ্শন, একেই ধ্যান-ধাৰণাৰ লোকৰ অন্তৰ্ভূক্তিৰ জৰিয়তে একে অন্তৰ্ভূক্তিকৃত (Inclusive) ৰাজনীতিৰ এই দলে পোষকতা কৰিব বুলি ব্যক্ত কৰে দলটোৰ নৱনিযুক্ত সভাপতি অৰূপ বৰবৰাই ৷

ৰাজ্যৰ ৰাজনীতিত নতুন আঞ্চলিক দল

লগতে ৰাষ্ট্ৰীয়তাবাদী আৰু সম্প্ৰদায়িক দল সংগঠন সমূহ অথবা তেওঁলোকক আওপকীয়াকৈ সমৰ্থন কৰা কোনো প্ৰক্ৰিয়াৰ লগতে এই নতুন দলে সদায় এক ৰাজনৈতিক দূৰত্ব ৰক্ষা কৰিব বুলি বুধাবাৰে সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ কৰে বৰবৰাই ।

উল্লেখ্য যে, এই দলৰ সভাই সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া উদ্যোগত অতি সম্প্ৰতি আৰম্ভ হোৱা নতুন ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়াৰ সিদ্ধান্তক আদৰণি জনায় ।

লগতে চাওক-তেজপুৰত আত্মপ্ৰকাশ "সংযুক্ত আঞ্চলিক দল অসম" নামে নতুন ৰাজনৈতিক দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.