তেজপুৰ, ৩০ জুলাই: এইবাৰ তেজপুৰত সংঘটিত হৈছে লাভ জেহাদৰ এক ঘটনা ৷ ভুৱা পৰিচয়েৰে ইছলাম ধৰ্মীয় যুৱক আব্দুল চাজাহানে এগৰাকী হিন্দু যুৱতীক প্ৰেমৰ জালত পেলাই কামাখ্যা মন্দিৰত লৈ গৈ সেন্দুৰ পিন্ধাই বিয়া পাতিছিল(Muslim boy trapped hindu Girl) । পৰিচয় দিছিল নিজকে বাংলা যুৱক মিন্টু ৰয় বুলি । কিন্তু বিবাহৰ ছয় মাহৰ পিছত পোহৰলৈ আহিছে ভণ্ড প্ৰেমিকৰ প্ৰকৃত স্বৰূপ ।
প্ৰেমিকা তথা বৰ্তমানৰ পত্নীয়ে ছমাহ পিছতহে জানিব পাৰিলে তেওঁৰ স্বামী হিন্দু নহয়, এজন মুছলমান বিবাহিত পুৰুষ ৷ ভুক্তভোগী মহিলাগৰাকীৰ লগত আছিল নগদ ৭ লাখ টকা আৰু সেই টকা আত্মসাৎ কৰি পত্নীৰ ওপৰত চাজাহানে আৰম্ভ কৰিলে অকথ্য নিৰ্যাতন ৷ বাধ্য কৰালে গো মাংস ভক্ষণ কৰিবলৈ ।
![Love Jihad in Tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15967899_tezpur.jpg)
পূৰ্বৰ পত্নীৰ টকাৰে চাজাহানে আকৌ প্ৰলোভন দি আন এজনী হিন্দু যুৱতীক বিয়া পাতিলে । অৱশেষত অতিষ্ঠ হৈ ভুক্তভোগী মহিলাগৰাকী ওচৰ চাপিল আৰক্ষীৰ, ৰুজু কৰিলে গোচৰ ৷ ইতিমধ্যে আৰক্ষীয়ে চাজাহানক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Bhabesh Kalita on Jihadi: মুছলমান যুৱ-সমাজে ভাৰতবৰ্ষক নিজৰ মাতৃভূমি বুলি ভৱাৰ আহ্বান ভৱেশ কলিতাৰ