বিশ্বনাথ, 20 জুন: অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় 21 চেক্টৰৰ অধীনস্থ অসম ৰাইফলছৰ শোণিতপুৰ লখৰা বেটেলিয়ন আৰু ইন্সপেক্টৰ জেনেৰেল অসম ৰাইফলছে (পূৱ) উদ্যোগত সোমবাৰে শোণিতপুৰ কেন্দ্ৰীয় বিদ্যালয় লখৰাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সশস্ত্ৰ বাহিনীত যোগদান কৰিবলৈ উৎসাহিত কৰা এখন অনুপ্ৰেৰণামূলক আলোচনা সভা অনুষ্ঠিত হয় (Lokhra Battalion of Assam Rifles conducted awareness camp on Agnipath) ।
![অগ্নিপথ আচঁনি সন্দৰ্ভত অসম ৰাইফলছৰ সজাগতামূলক সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-801-20-june-pres-list-lokrabattalionofassamrifles-photo-scrpt-as10018_20062022210701_2006f_1655739421_48.jpg)
এই আলোচনা সভাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক ভাৰতীয় সশস্ত্ৰ বাহিনী আৰু সামৰিক বাহিনীত যোগদান কৰাৰ বিভিন্ন পথ আৰু প্ৰৱেশ আঁচনিৰ বিষয়ে অৱগত কৰে অসম ৰাইফলছ বিষয়ববীয়াই । আনহাতে সদ্যঘোষিত কেন্দ্ৰীয় চৰকাৰৰ 'অগ্নিপথ' আঁচনি সম্পৰ্কেও এই আলোচনা সভাত সুন্দৰভাৱে অসম ৰাইফলছ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰা হয় । এই সজাগতা সভাত মুঠ 102 গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ লগতে অসম ৰাইফলছৰ কেইবাজনো উচ্চ পৰ্যায় বিষয়া উপস্থিত থাকে ৷
লগতে পঢ়ক: বানৰ কাল সোঁতত জীৱন বিলীন দুই আৰক্ষীৰ