ETV Bharat / city

লক ডাউনে জীৱন সলনি কৰা এটা দম্পতীৰ কাহিনী...

author img

By

Published : Jul 26, 2020, 10:48 PM IST

লক ডাউনে সলনি কৰিছে বহু লোকৰ জীৱন নিৰ্বাহৰ প্ৰক্ৰিয়া ৷ পূৰ্বে ৰাজ্যৰ বাহিৰত কৰিঅ’গ্ৰাফাৰ হিচাপে কৰ্মৰত স্বামী-স্ত্ৰীয়ে তিনিবছৰ পূৰ্বে গৃহৰাজ্যলৈ উভতি আহি জামুগুৰিহাটৰ চেঁচাসত্ৰত D BASS নামেৰে মুকলি কৰে এখন নৃত্য প্ৰতিষ্ঠান ৷ কিন্তু লক ডাউনৰ ফলত নৃত্য প্ৰশিক্ষণৰ প্ৰতিষ্ঠানখন সলনি হৈ ৰূপ ল’লে চাহ বিপণীলৈ ৷

Lock down effect on daily life of a couple sootea biswanath assam etv bharat news
কৰিঅ’গ্ৰাফাৰৰ পৰা চাহ বিক্ৰেতালৈ

চতিয়া,২৬ জুলাই: নৃত্য প্ৰশিক্ষণৰ বিদ্যালয় স্থাপনেৰে বহু যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়াৰ লগতে নৃত্যক পেছা হিচাপে গ্ৰহণ কৰা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ এটা দম্পতী এতিয়া ব্যস্ত হৈ পৰিছে চাহ বিক্ৰেতাৰ ৰূপত ৷ পূৰ্বে ৰাজ্যৰ বাহিৰত কৰিঅ’গ্ৰাফাৰ হিচাপে কৰ্মৰত স্বামী-স্ত্ৰীয়ে তিনিবছৰ পূৰ্বে গৃহৰাজ্যলৈ উভতি আহি জামুগুৰিহাটৰ চেঁচাসত্ৰত D-BASS নামেৰে মুকলি কৰে এখন নৃত্য প্ৰতিষ্ঠান ৷ প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ভাস্কৰজ্যোতি ভূঞা আৰু c নামৰ দম্পতীহালে সম্প্ৰতি লক ডাউনৰ বাবে সলনি কৰিবলগীয়া হৈছে জীৱিকা নিৰ্বাহৰ পথ ৷

মহামাৰী কৰ’ণাৰ বাবে বিগত চাৰি মাহে বন্ধ ৰাখিবলগীয়া হৈছে নৃত্য প্ৰতিষ্ঠানখন ৷ সময় বাগৰাৰ লগে লগে জীৱন জীয়াই ৰখাৰ স্বাৰ্থত জীৱিকাৰ শৈলী সলনি কৰিবলৈ সংকল্প ল’লে দম্পতীটোৱে ৷ সেয়ে এইদৰে D-BASS নামৰ নৃত্য প্ৰশিক্ষণৰ প্ৰতিষ্ঠানখন সলনি হৈ ৰূপ ল’লে চাহ বিপণীলৈ ৷ য’ত আজিৰ তাৰিখত উপলব্ধ হৈছে জনপ্ৰিয় মাটিৰ কাপৰ চাহৰ লগতে দৈ, গাখীৰ, ক্ৰীম, পনীৰ, মিঠাই, বেকাৰী জাতীয় বিভিন্ন সামগ্ৰীৰে ৷

লক ডাউনৰ ফলত নতুন কামত জড়িত হৈ কিছু কষ্ট অনুভৱ কৰা দম্পতীটোৱে কামত লাজ নাই বুলি গৌৰৱেৰে মন্তব্য প্ৰকাশ কৰে ৷ লগতে কৰ’ণাৰ সমান্তৰালকৈ জীৱন যুঁজতো জয়ী হোৱাৰ কথা ব্যক্ত কৰে দম্পতীটোৱে ৷

লক ডাউনে সলনি কৰিছে জীৱন নিৰ্বাহৰ প্ৰক্ৰিয়া

লগতে চাওকঃ জৰাজীৰ্ণ দলঙৰ পৰা পৰি ডুমডুমাত মহিলাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.