তেজপুৰ, 24 মাৰ্চ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে তিনিদিন ধৰি বন্ধ থাকিব হাতী চাফাৰী । ৰাষ্ট্ৰীয় উদ্যানৰ বন প্ৰাধিকাৰী (Divisional Forest Officer) ৰমেশ গগৈয়ে বৃহস্পতিবাৰে 26 মাৰ্চৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বছৰেকীয়া গঁড়ৰ পিয়ল (One Horned Rhino Census) ৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব দিয়ে (Kaziranga National Park To Remain Close From March 26 ) ৷
ৰাষ্ট্ৰীয় উদ্যানৰ মূল তিনিটা ৰেঞ্জৰ অধীনত কঁহৰা,বাগৰি আৰু অগৰাতলী ৰেঞ্জৰ অধীনত বন বিভাগৰ দল আৰু বিভাগীয় বাহিনীয়ে আৰম্ভ কৰিব এই গণনা । বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় উদ্যানখনত গণনাৰ তথ্য অনুসৰি বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙিয়া গঁড়ৰ সংখ্যা মুঠ 2,413 টা ৷
ইয়াৰ মাজতে জীৱ চাফাৰী 26 মাৰ্চত ইষ্টাৰ্ণ ৰেঞ্জ আৰু অগৰাতলী, 27 মাৰ্চত বুঢ়াপাহাৰ, কাজিৰঙা, কঁহৰা,ৱেষ্টাৰ্ণ ৰেঞ্জ আৰু বাগৰি, 28 তাৰিখে বুঢ়াপাহাৰ ৰেঞ্জত পৰ্যটকৰ বাবে জীৱ চাফাৰী মুকলি থাকিব বুলি জানিব দিয়ে প্ৰাধিকাৰী গগৈয়ে ।
লগতে পঢ়ক : IPL 2022: ধোনীয়ে এৰিলে অধিনায়কত্ব, জাদেজাৰ কান্ধত CSKৰ দায়িত্ব