ETV Bharat / city

ভাৰত-বাংলাদেশৰ নৌ-সেনাৰ যৌথ নৌ-সামৰিক অনুশীলন

author img

By

Published : Oct 4, 2020, 11:29 AM IST

বাংলাদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী শ্বেইখ মজিবুৰ ৰহমানৰ 100 বছৰীয়া জন্মজয়ন্তী উদযাপনৰ লক্ষ্যৰে ভাৰতীয় নৌ-সেনা আৰু বাংলাদেশ নৌ-সেনাৰ মাজত আৰম্ভ হৈছে দুয়োখন দেশৰ নৌ-সামৰিক অনুশীলন বংগোসাগৰৰ দ্বিতীয় সংস্কৰণ ৷

ভাৰত আৰু বাংলাদেশ নৌ-সেনাৰ মাজত আৰম্ভ বংগোসাগৰ অনুশীলন

তেজপুৰ, 4 অক্টোবৰ : বঙ্গোপসাগৰৰ উপকূলত ভাৰত আৰু বাংলাদেশৰ নৌ-সেনাৰ তিনিদিনীয়া অনুশীলনৰ শুভাৰম্ভ হয় শনিবাৰে বিয়লি উত্তৰ উপকূলত । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ vision of SAGAR (Security And Growth for All in the Region) শীৰ্ষক চিন্তাৰ ওপৰত নিৰ্ভৰ কৰি এই অনুশীলন অনুষ্ঠিত কৰা হৈছে ।

ভাৰতীয় নৌ-সেনা আৰু বাংলাদেশ নৌ-সেনাৰ মাজৰ পাৰস্পৰিক সামৰিক সম্পৰ্ক শক্তিশালী কৰিবলৈ 2019 চনত প্ৰথমবাৰৰ বাবে দুয়োখন দেশৰ নৌ-সেনাই ভাগ লৈছিল এই অনুশীলনত ৷ আনহাতে শনিবাৰৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ এই অনুশীলন Surface Welfare Dril, Seamanshim Evolutions আৰু Helicopter Operationত ভাগ ল'ব দুয়োখন দেশৰ নৌ-সেনাই ৷ বঙ্গোপসাগৰৰ সাগৰীয় সীমাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সাগৰীয় অঞ্চল(International Maritime Boundary Line)ত 5 অক্টোবৰলৈ এই অনুশীলন চলিব ৷ আনহাতে এই অনুশীলনৰ সমান্তৰালকৈ দুয়োখন দেশৰ নৌ-সেনাৰ CORPAT শীৰ্ষক অনুশীলনৰ তৃতীয় সংস্কৰণো 4 আৰু 5 অক্টোবৰত একেটা অঞ্চলতে চলিব বুলি নৌ-সেনাৰ মুখপাত্ৰই প্ৰকাশ কৰিছে ৷

ভাৰতীয় নৌ-সেনাৰ জাহাজ কিল্টন আৰু খুকৰীৰ লগতে বাংলাদেশ নৌ-সেনাৰ জাহাজ আবু বাকৰ, প্ৰটোই আৰু হেলিকপ্টাৰে এই অনুশীলনত ভাগ ল'ব ৷ ভাৰতীয় নৌ সেনাৰ যুঁজাৰু সাগৰীয় জাহাজ INS KILTAN, যাৰ চাবমেৰিণৰ প্ৰতিৰোধী দক্ষতা আছে আৰু INS Khukri, যাক গাইডেড মিছাইলৰ সক্ষমতাৰে নিৰ্মাণ কৰা হৈছে ৷ উল্লেখযোগ্য যে ভাৰত আৰু বাংলাদেশৰ এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক দীৰ্ঘদিন ধৰি চলি আহিছে ।

লগতে পঢ়ক : গালৱান সংঘৰ্ষৰ শ্বহীদৰ নামেৰে লাডাখত স্মাৰক নিৰ্মাণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.