ETV Bharat / city

লিংগ সমতা স্থাপনত অভিলেখ অৰুণাচল প্ৰদেশৰ - Arunachal Sex Ration

2018 ৰ ভাৰতৰ অসামৰিক পঞ্জীয়নৰ মহত্বপূৰ্ণ পৰিসংখ্যাৰ প্ৰতিবেদন অনুসৰি, দেশৰ ভিতৰত লিংগ অনুপাতৰ শীৰ্ষত উপনীত হৈছে অৰুণাচল প্ৰদেশ ৷ প্ৰদেশখনত প্ৰতি 1000 পুৰুষৰ বিপৰীতে 1084 গৰাকী মহিলা জন্ম পাইছে আৰু এই তালিকাত শীৰ্ষ স্থান দখল কৰিছে ৷

লিংগ সমতা স্থাপনত অভিলেখ অৰুণাচল প্ৰদেশৰ

author img

By

Published : Nov 28, 2020, 7:59 PM IST

তেজপুৰ,28 নৱেম্বৰ: ভাৰতৰ মহাপঞ্জীয়কে প্ৰকাশ কৰা 2018 ৰ ভাৰতৰ অসামৰিক পঞ্জীয়নৰ মহত্বপূৰ্ণ পৰিসংখ্যাৰ প্ৰতিবেদন (vital statistics on India based on the Civil Registration System, 2018) অনুসৰি, কন্যা সন্তানৰ জন্মৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰিছে অৰুণাচল প্ৰদেশে ৷ প্ৰদেশখনত প্ৰতি 1000 পুৰুষৰ বিপৰীতে 1084 গৰাকী মহিলাই জন্মগ্ৰহণ কৰিছে বুলি এই প্ৰতিবেদনত প্ৰকাশ পাইছে ৷ তালিকাত উত্তৰ-পূৱৰ পৰা আন দুখন প্ৰদেশেও শীৰ্ষত অৱতীৰ্ণ হৈছে ৷ নাগালেণ্ডত প্ৰতি 1000 পুৰুষৰ বিপৰীতে 965 গৰাকী মহিলা আৰু মিজোৰামত প্ৰতি 1000 পুৰুষৰ বিপৰীতে 964 গৰাকী মহিলা জন্ম পাইছে ৷ আনহাতে তালিকাখনত একেবাৰে নিম্ন স্থানত আছে মণিপুৰ (প্ৰতি 1000 পুৰুষৰ বিপৰীতে 757 মহিলা) ৷

দেশৰ 30 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল ৷ এই পৰিসংখ্যাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম নহ'ল দেশৰ ছখনকৈ ৰাজ্যই ৷ পুৰুষ-মহিলাৰ লিংগৰ ক্ষেত্ৰত জন্মৰ হাৰত স্থান নাপালে বিহাৰ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, ছিকিম, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগ ৷

লিংগ সমতা স্থাপনত অভিলেখ অৰুণাচল প্ৰদেশৰ

যিটো সময়ত দেশত মহিলাৰ ওপৰত অপৰাধৰ মাত্ৰা অত্যধিক পৰিমাণে বৃদ্ধি হৈছে, তেনেক্ষেত্ৰত অৰুণাচলে দাঙি ধৰা এই উদাহৰণ দেশবাসীৰ বাবে এক মাইলৰ খুঁটিত পৰিচিত হ’ব পাৰে ৷ বিশেষকৈ অসমত দেশৰ ভিতৰতে মহিলাৰ ওপৰত সংঘটিত অপৰাধৰ মাত্ৰা সৰ্বাধিক হোৱাৰ দিশটোত অসমে গুৰুত্ব প্ৰদান কৰি এইক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ পথ অনুসৰণ কৰাৰ থল আছে ৷ এই জন্মৰ হাৰে ভাৰত চৰকাৰৰ কন্যা সন্তানৰ বাবে অৱলম্বন কৰা বেটি বচাও, বেটি পঢ়াও নীতিক অৰুণাচল প্ৰদেশে সৰ্বাধিক পৰিমাণে সফল কৰি তুলিছে বুলি টুইট কৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী তথা অৰুণাচল প্ৰদেশৰ সাংসদ কিৰেণ ৰিজিজুৱে ।

এই প্ৰতিবেদনত জন্মৰ হাৰ বিগত 10 বৰ্ষত বৃদ্ধি পোৱাৰ তথ্য প্ৰকাশ পাইছে ৷ 2009 ত দেশত জন্মৰ হাৰ 81.3 শতাংশৰ পৰা 2018 ত এই হাৰ 89.3 শতাংশলৈ বৃদ্ধি পাইছে ৷ 2009 ত দেশত 2.21 কোটি আৰু 2018 ত 2.33 কোটি শিশুৱে জন্ম লাভ কৰিছে ৷

আমাৰ দেশত জন্ম-মৃত্যু পঞ্জীয়ন কৰাৰ চৰকাৰী সময়সীমা হৈছে জন্ম নাইবা মৃত্যুৰ সময়ৰ পৰা 21 দিন ৷ এই সময়ৰ ভিতৰতে পঞ্জীয়কে সম্পূৰ্ণ বিনামূলীয়াকৈ এখন জন্ম অথবা মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰদান কৰে ৷ অৱশ্যে দেশৰ কিছু সংখ্যক ৰাজ্যই জন্ম-মৃত্যুৰ পঞ্জীয়নৰ সময়সীমা 1 বছৰলৈ বৃদ্ধি কৰিছে ৷ এইক্ষেত্ৰত প্ৰতিবেদনখনত কোৱা হৈছে যে, এনেকুৱা জন্ম-মৃত্যুৰ পঞ্জীয়নৰ বাবে নিৰ্ধাৰিত মাচুল পৰিশোধ কৰি দণ্ডাধীশৰ পৰা লাভ কৰা অৰ্ডাৰ অনুযায়ী ইয়াক বলৱৎ কৰিব পাৰে ৷

লগতে চাওকঃ তুষাৰপাতৰ ফলত হিমাচলত 2 টা ৰাষ্ট্ৰীয় ঘাইপথ আৰু 227টা পথ বন্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.