ETV Bharat / city

আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত জালিয়াতি কৰি তেজপুৰত গ্ৰেপ্তাৰ এজন

তেজপুৰত আধাৰকাৰ্ড প্ৰস্তুত কৰাৰ নামত জালিয়াতি কৰি হাতেলোতে ধৰা পৰিছে ভোজখোৱা চাপৰি নিবাসী আব্দুল ৰাজ্জাক নামৰ লোকজন ।

author img

By

Published : Aug 13, 2021, 10:06 AM IST

জালিয়াতি কৰি তেজপুৰত এজনক গ্ৰেপ্তাৰ
জালিয়াতি কৰি তেজপুৰত এজনক গ্ৰেপ্তাৰ

তেজপুৰ, 13 আগষ্ট : তেজপুৰত আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ নামত জালিয়াতি কৰি হাতেলোতে ধৰা পৰিছে তেজপুৰৰ ভোজখোৱা চাপৰিৰ এজন লোক ৷ লোকজন ভোজখোৱা চাপৰিৰ আব্দুল ৰাজ্জাক বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে, তেজপুৰৰ ইণ্ডিয়ান বেংকৰ শাখা কাৰ্যালয়ত আধাৰ কাৰ্ড প্ৰস্তুত কৰা কামত নিয়োজিত হৈ আছিল আব্দুল ৰাজ্জাক ৷

ৰাজ্জাকে আধাৰ কাৰ্ড প্ৰস্তুতৰ বাবে প্ৰয়োজন হোৱা চৰকাৰী বিষয়াৰ ভুৱা ছীল-মোহৰ ব্যৱহাৰ কৰি আহিছিল ৷ শোণিতপুৰ কৃষি বিভাগৰ বৰছলাৰ ভঙা মন্দিৰত কৰ্মৰত কৃষি উন্নয়ন বিষয়া জাকিৰ হুছেইনৰ স্বাক্ষৰ জাল কৰি তেওঁৰ নামতে ছীল মোহৰ প্ৰস্তুত কৰাই লৈছিল অভিযুক্ত আব্দুলে ৷ আনহাতে, কৃষি উন্নয়ন বিষয়াগৰাকীয়ে বৃহস্পতিবাৰে দিনৰ প্ৰায় 12 বজাত নিজৰ আধাৰ কাৰ্ড প্ৰস্তুত কৰিবলৈ বেংকটোত উপস্থিত হোৱাত তেওঁৰ নথিত অভিযুক্তই তেওঁৰ নামৰে ছীল মোহৰ মৰাত বিষয়াজন হতভম্ব হৈ পৰে ৷

তৎক্ষণাত তেওঁ বেংক কৰ্তৃপক্ষক বিষয়টো দৃষ্টিগোচৰ কৰাৰ লগতে লিখিত অভিযোগ দাখিল কৰে ৷ পাছত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত আব্দুলক গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়ক:বিশ্ব অংগদান দিৱস 2021: কোনে অংগদান কৰি পাৰে আৰু কোনে নোৱাৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.