ETV Bharat / city

ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ ত্ৰাস

author img

By

Published : Dec 30, 2021, 7:32 PM IST

বন্যহস্তীয়ে টোপনি হৰিছে কামপুৰবাসীৰ । তুলসীমুখ বুঢ়াগোহাঁই, বৰক'লা, নৈপাম, লুমাটি, শুকটিপুতাত বুধবাৰে নিশা বনৰীয়া হাতীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ(Wild elephant terror in Kampur) । তেজপুৰ পৰ্বতীয়া অঞ্চলতো বন্যহস্তীয়ে ভাঙিলে দুটাকৈ বাসগৃহ । হাতীয়ে তহিলং কৰিলে ৰবি শস্য ।

Elephant menace
কামপুৰত বন্যহস্তীৰ উপদ্ৰৱ

বঢ়মপুৰ/তেজপুৰ, ৩০ ডিচেম্বৰ: ৰাজ্যৰ কেইবাখনো জিলাৰ গ্ৰামাঞ্চলত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । নিশা হ'লেই খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহে জাকে জাকে বনৰীয়া হাতী । নগাঁও জিলাৰ কামপুৰতো বন্যহস্তীৰ উপদ্ৰৱৰ বাবেই বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৰাইজে(Elephant terror in Kampur) । বিগত এমাহ ধৰি অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে বনৰীয়া হাতীয়ে ।

বুধবাৰে নিশাও তুলসীমুখ, বুঢ়াগোহাঁই থান, বৰক'লা, নৈপাম, লুমাটি, শুকটিপুতাত বনৰীয়া হাতীয়ে বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে । লুমাটিৰ সোনাৰাম দাস, শুকুতিপোটাৰ বাপ বৰাৰ বাসগৃহ ভাঙি পেলোৱাৰ লগতে বন্যহস্তীয়ে ভঁৰাল ভাঙি ধান খাই নষ্ট কৰে(Wild elephant damages houses in Lumati, Shukutiputa) ৷ আনহাতে, বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে এজন লোকৰ ৷ বন্যহস্তীয়ে কেইবাবিঘাও কুঁহিয়াৰ আৰু সৰিয়হ খেতি নষ্ট কৰে ৷ ইফালে, তেতেলিসৰা পূৱ খালৈভংগা কছাৰীখণ্ডাৰ শ্ৰীমন্ত শংকৰ মাধৱ মধ্য ইংৰাজী বিদ্যালয়খনো লণ্ডভণ্ড কৰে বন্যহস্তীয়ে ।

কামপুৰত বন্যহস্তীৰ উপদ্ৰৱ

বন্যহস্তীয়ে বহু লোকৰ বাসগৃহ, খেতিপথাৰ অনিষ্ট কৰি আহিছে যদিও বন বিভাগ হাতী খেদাত চুড়ান্ত ভাৱে ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । আনহাতে, তেজপুৰৰ পৰ্বতীয়া ৰুদ্ৰ পথ অঞ্চলত মঙলবাৰৰ নিশাৰ পৰা দুটা বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে(Elephant menace in Tezpur Parbatia) । খাদ্যৰ সন্ধান হাতী দুটাই জনাঞ্চলত প্ৰৱেশ কৰে আৰু ত্ৰাসৰ সৃষ্টি কৰে ।

বুধবাৰেও হাতী দুটাই গাঁওখনতে অৱস্থান কৰি থাকে । আনহাতে, বন্যহস্তীয়ে থুলু বৰা আৰু ৰুবুল মিশ্ৰ নামৰ দুজন লোকৰ ঘৰ সম্পূৰ্ণৰূপে ভাঙি তাহিলং কৰে লগতে আন কেবাটাও ঘৰৰ ক্ষতিসাধন কৰে । বন বিভাগৰ লোক আৰু স্থানীয় ৰাইজে হাতী দুটা খেদি পঠাবলৈ চেষ্টা চলায় যদিও বিফল হয় । আনহাতে, বিগত কেইবাদিনো ধৰি বন্যহস্তীৰ জাকে বিশ্বনাথ সংমণ্ডলৰ অন্তৰ্গত বিহালী, ৰাংচলীৰ, বটিয়ামাৰী অঞ্চলত উপদ্ৰৱ চলাই আহিছে ।

বনৰীয়া হাতীয়ে ধাননি পথাৰত পকা ধান অনিষ্ট কৰিছে । ৰাংচলীৰ সীমান্ত দাস নামৰ এজন লোকে জনাইছে যে, প্ৰতি নিশা ৩০-৬০টা বনৰীয়া হাতী আহি খেতি পথাৰত প্ৰৱেশ কৰে আৰু ধান খাই তহিলং কৰে । সমান্তৰালকৈ শোণিতপুৰ জিলাতো হাতীৰ আক্ৰমণৰ আশংকাত উজাগৰে নিশা কটাবলগীয়া হৈছে ৰাইজে । উল্লেখ্য যে, অসমত যোৱা ১০ বছৰত হাতী-মানুহৰ সংঘাতৰ সময়ত মুঠ ৮৯০ জন লোকৰ মৃত্যু হৈছে ।

ইতিমধ্যে, ডব্লিউডব্লিউএফৰ সহযোগত অসমৰ বন বিভাগ আৰু বন্যপ্ৰাণী সংগঠনে বন্যহস্তীৰ ডিঙিত প্ৰথমবাৰৰ বাবে ৰেডিঅ' ক'লাৰ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে । বনৰীয়া হাতীটো প্ৰকৃততে ক'ত আছে সেই বিষয়ে জনাত ৰেডিঅ' ক'লাৰে বন বিভাগক সহায় কৰিব । বন বিভাগ আৰু বন্যপ্ৰাণী সংস্থাই যোৱা ৮ নৱেম্বৰত এই ৰেডিঅ' কলাৰ স্থাপন কৰিছে । এই ডিভাইচৰ জৰিয়তে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতীৰ বিষয়ে সম্পূৰ্ণ তথ্য জানিব পৰা যাব ।

উল্লেখযোগ্য যে, বৰ্তমান হাতী অধিক থকা ৰাজ্যৰ তালিকাত কৰ্ণাটক শীৰ্ষত আছে । ৰাজ্যখনত বৰ্তমান ৬,০৪৯টা হাতী আছে । ২০১৭ চনৰ গণনা অনুসৰি অসমত ৫,৭১৯ টা এছিয়ান হাতী আছে । বনধ্বংস আৰু হাতীৰ খাদ্যৰ অভাৱৰ বাবে হস্তী-মানুহৰ সংঘাত দিনক দিনে বাঢ়ি আহিছে ।

বিভাগীয় বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি, অসমত যোৱা ১০ বছৰত ৮৯০ জন লোকে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে । শোণিতপুৰ জিলাত সৰ্বাধিক ১২৪ জনৰ মৃত্যু হৈছে । ওদালগুৰিত ১১৮ জন আৰু গোৱালপাৰা জিলাত ৭৮ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Forest Department Fails to Chase elephants : দুষ্ট চক্ৰৰ বাবেই হাতী খেদাত ব্যৰ্থ বন বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.