তেজপুৰ,28 অক্টোবৰ : শোণিতপুৰৰ ঢেকীয়াজুলিৰ পল ষ্টাৰ একাডেমীৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ হিৰন্য ৰাজ শৰ্মাই ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছ, 2019 (National Children Science Congress)ৰ বাবে নিৰ্বাচিত হৈছে ৷ "Studies on Wild Snake plant as an alternative source of Fiber" শীৰ্ষক বিষয়ৰ ওপৰত শোণিতপুৰ জিলাৰ হৈ প্ৰতিনিধিত্ব কৰিব হিৰন্য ৰাজ শৰ্মা নামৰ ছাত্ৰজনে ৷ এই Wild Snake plantব্যৱহাৰ কৰি তৈয়াৰ কৰা হ'ব জৈৱিক বস্ত্ৰ।
এই সম্পৰ্কত ছাত্ৰগৰাকীয়ে কয় যে,এই উদ্ভাৱনৰ পূৰ্বে তেওঁ গুগলৰ জৰিয়তে অধ্যয়ন কৰিছিল ৷ তেওঁ লগতে কয় যে, প্ৰতিদিনে নষ্ট কৰি অহা এই উদ্ভিদবিধৰ পৰা জৈৱিক বস্ত্ৰ তৈয়াৰ কৰি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পৰা যাব ৷ প্ৰথমে বিদ্যালয়ত ইয়াক প্ৰদৰ্শিত কৰাৰ লগতে পাচলৈ ইয়াৰ পৰা ফাৰ্মিঙৰ বাবে কৃষকৰ মাজত সজাগতা সৃষ্টি কৰে হিৰন্যই ৷ এইবাৰ জিলাৰ পৰা ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছ-2019 অহা 2 নৱেম্বৰত তিনিচুকীয়া জিলাত অনুষ্ঠিত হ'ব লগা অনুষ্ঠানত অংশগ্ৰহণ কৰিব হিৰন্যই ৷