ETV Bharat / city

ভূমিস্খলনত অৰুণাচলৰ পাচিঘাট পাংগিন পথ বিছিন্ন

প্ৰবল বৰষুণৰ ফলত পূৱ চিয়াং জিলাৰ পাচিঘাট-পাংগিন সংযোগী ঘাইপথটোৰ এটা অংশ খহি যায় ৷ ফলত স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা ৷ শীঘ্ৰেই পথটো মেৰামতি কৰি যাতায়াতৰ বাবে সুবিধা কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

danger-landslide-at-pasighat-panging-road-at-arunachal-pradesh
অৰুণাচল প্ৰদেশৰ পাচিঘাট পাংগিন পথ বিছিন্ন
author img

By

Published : Jun 28, 2021, 12:51 PM IST

তেজপুৰ, 28 জুন : দীৰ্ঘ দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত দেওবাৰে অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ পাচিঘাট-পাংগিন সংযোগী ঘাইপথটোৰ এটা অংশ খহি যায় ৷ ফলত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত ৰাজ্যখনত একপ্ৰকাৰ যোগাযোগ ব্যৱস্থা স্তব্ধ হৈ পৰিছে । উল্লেখ্য যে, যোৱা কেইদিনমানৰ পৰা পাহাৰীয়া ৰাজ্যখনত নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বাট পথ বিব্ধস্ত হোৱাৰ উপৰিও পাহাৰৰ কেইবাঠাইতো ভয়ংকৰভাৱে ভূমিস্খলন হ'ব ধৰিছে ।

danger-landslide-at-pasighat-panging-road-at-arunachal-pradesh
অৰুণাচল প্ৰদেশৰ পাচিঘাট পাংগিন পথ বিছিন্ন

চিয়াং জিলাৰ পাংগিন-বোলেং আদিকে ধৰি বিভিন্ন প্ৰান্তত প্ৰবল বৰষুণ হোৱাত ইতিমধ্যে পাচিঘাট-পাংগিন সংযোগী ঘাইপথটোৰ প্ৰায় ৩৬.৬ কিলোমিটাৰ পথ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে। ইফালে পথটো বন্ধ হোৱাৰ বাবে তীব্ৰ যানজঁটৰ সৃষ্টি হোৱাত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে পথাচাৰী সকল ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি স্থানীয় কেবাং যুৱ শাখাৰ সদস্য সকলৰ লগতে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰে ৷ লগতে শীঘ্ৰেই পথটো মেৰামতি কৰি দি যাতায়াতৰ বাবে সুবিধা কৰি দিবলৈ আহ্বান জনাইছে যুৱ শাখাৰ সদস্য সকলে ।

আনহাতে, উক্ত এই বাতৰি লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় অৰুণাচলৰ গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা এৰ ডাবে পাৰমে ৷

ক্ষতিগ্ৰস্ত পথটো পৰিদৰ্শন কৰি এৰ ডাবে পাৰমেই সাংবাদিকৰ আগত কয় যে, পথটোৰ প্ৰায় ৩০ মিটাৰ দৈৰ্ঘ্য ক্ষতিগ্ৰস্ত হৈছে ৷ ইফালে ক্ষতিসাধন হোৱা পথটো মেৰামতি কৰিবলৈ নিম্নতম ১৫ দিনৰ প্ৰয়োজন হ'ব বুলি মন্তব্য কৰে । তাৎক্ষণিকভাৱে সোমবাৰৰ পৰাই পথটোৰ মেৰামতিৰ কাৰম আৰম্ভ হ'ব বুলি সাংবাদিকৰ আগত সদৰি কৰে গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা এৰ ডাবে পাৰমেই।

লগতে পঢ়ক-উৎপাদিত সকলো ধান দৰিদ্ৰ ৰাইজক দিম: বিধায়ক দিগন্ত কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.