ETV Bharat / city

ৰঙাপৰাত এনডিআৰএফৰ ক’ভিডৰ সজাগতা সভা - বেচৰকাৰী সংস্থা

শোণিতপুৰ জিলাত ভয়ানকভাৱে বৃদ্ধি পাইছে কৰ‘ণাৰ সংক্ৰমণ ৷ প্ৰতিদিনে ৰাইজক বিভিন্ন পক্ষই ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা মানি সাৱধানতা অৱলম্বন আৰু মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই থকাৰ পিছতো সচেতন নহয় বহুলোক । শোণিতপুৰৰ এনডিআৰএফৰ দলটোৰ নেতৃত্বত থকা পৰিদৰ্শক মনীশ চৌধুৰীয়ে ক’ভিড-১৯ ৰোধৰ উদ্দেশ্যৰে সকলোকে শুদ্ধভাৱে মাস্ক পৰিধান আৰু চেনিটাইজাৰৰ ব্যৱহাৰ কৰিবলৈ শপত ল’বলৈ আহ্বান ৷

covid awarness campign in rangapara by NDRF
ৰঙাপৰাত এন ডি আৰ এফৰ ক’ভিডৰ সজাগতা সভা
author img

By

Published : Jun 20, 2021, 6:30 PM IST

ৰঙাপৰা, 20 জুন : শোণিতপুৰ জিলাত নিতৌ বৃদ্ধি পাইছে ক’ভিড-১৯ ৰ আক্ৰান্তৰ সংখ্যা । দ্ৰুতহাৰত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতো সজাগ আৰু সচেতনহীন অধিকাংশ জনসাধাৰণ । প্ৰতিদিনে ৰাইজক বিভিন্ন পক্ষই ক’ভিড সম্পৰ্কীয় নীতি নিৰ্দেশনা মানি সাৱধানতা অৱলম্বন আৰু মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই থকাৰ পিছতো সচেতন নহয় বহুলোক ।

ইতিমধ্যে শোণিতপুৰ জিলা প্ৰশাসনে প্ৰতিজন দোকানী, ব্যৱসায়ী, চালক আদিয়ে ক’ভিড পৰীক্ষা আৰু প্ৰতিষেধক গ্ৰহণ কৰিহে নিজৰ কাৰ্য সম্পাদন কৰিবলৈ জাননী জাৰি কৰিছে যদিও ৰাজহুৱা সচেতনতাৰ অভাৱত ৰোধ হোৱা নাই ক’ভিড-১৯ ৰ সংক্ৰমণ । ক’ভিড আক্ৰান্তৰ সংখ্যা ৰোধকৰণৰ উদ্দেশ্যৰে দেওবাৰে ৰঙাপৰা চহৰত মাস্ক পৰিধানৰ ওপৰত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত শোণিতপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ দ্বাৰা জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসৰ তত্বাৱধানত এনডিআৰএফ ৰ ১২ নং বেটেলিয়ন আৰু স্বেচ্ছাসেৱী সংস্থা 'সৃষ্টি-দ্য ক্ৰিয়েশ্যন'(Sristi The creation) ৰ সহযোগত মাস্ক পৰিধানৰ ওপৰত ৰাজহুৱা সচেতনতা আৰু বিনামূলীয়া মাস্ক বিতৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰে ।

ৰঙাপৰাত এন ডি আৰ এফৰ ক’ভিডৰ সজাগতা সভা

জিলাখনত দ্ৰুত গতিত সংক্ৰমিত ক’ভিড-১৯ ৰোধ কৰাৰ উদ্দেশ্যেৰে ৰূপায়ণ কৰা উক্ত কাৰ্যসূচীত উপস্থিত থকা এনডিআৰএফ(NDRF)ৰ দলটোৰ নেতৃত্বত থকা পৰিদৰ্শক মনীশ চৌধুৰীয়ে ক’ভিড-১৯ ৰোধকৰণৰ উদ্দেশ্যৰে সকলোকে শুদ্ধভাৱে মাস্ক পৰিধান আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ শপত ল’বলৈ আহ্বান জনায় ।

এই কাৰ্যসূচীৰ অন্যতম সহযোগী বেচৰকাৰী সংস্থা 'সৃষ্টি দ্য ক্ৰিয়েশ্যন'(Sristi The creation) ৰ কাৰ্যকৰী সঞ্চালক উত্তম বৰকটকীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে দহ হেজাৰ মাস্ক বিতৰণ কৰাৰ কথা উল্লেখ কৰে ৷ ক’ভিডৰ লগতে গোলকীকৰণৰ উষ্ণতা ৰোধৰ লক্ষ্যৰে NDRF বাহিনীয়ে ৰঙাপৰাৰ ভিন্ন স্থানত গছপুলি ৰোপণ কৰা বুলি জানিব পৰা গৈছে । NDRF নেতৃত্বই 1 লাখ গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক : অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰোগীৰ দেহত Black fungus

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.