ETV Bharat / city

কংগ্ৰেছে বিগত ৬০ বছৰে  মহাত্মা গান্ধীৰ আদৰ্শ নস্যাৎ কৰি আহিছে : জয়ন্তমল্ল বৰুৱা

author img

By

Published : Oct 28, 2019, 10:04 PM IST

Updated : Oct 28, 2019, 10:12 PM IST

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষ্যে দেশজুৰি অব্যাহত আছে সংকল্প যাত্ৰা । স্বচ্ছ আৰু প্লাষ্টিক মুক্ত ভাৰতবৰ্ষ গঢ়াৰ উদ্দেশ্য সোমবাৰে বৰপেটা,বিশ্বনাথ আৰু টীয়ক সমষ্টিত বিজেপিৰ সংকল্প যাত্ৰা ৷

বৰপেটা,বিশ্বনাথ আৰু টীয়ক সমষ্টিত বিজেপিৰ সংকল্প যাত্ৰা

বৰপেটা ২৮ অক্টোৱৰ: বৰপেটাৰ চেঙা সমষ্টিত বিজেপিৰ গান্ধী সংকল্প যাত্ৰা ৷ পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাৰ অংশগ্ৰহণ ৷ সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰি জয়ন্তমল্ল বৰুৱাই কয়,

"কংগ্ৰেছে বিগত ৬০ বছৰে মহাত্মা গান্ধীৰ আদৰ্শ নস্যাৎ কৰি আহিছে ৷ শ্যামাপ্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়ে মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰ লগত মিল ৰাখি এক জাগৰণৰ সৃষ্টি কৰিছিল ৷ কংগ্ৰেছে গান্ধীক ব্যৱহাৰ কৰি মুনাফাহে লুটিছে ৷ কংগ্ৰেছ দলটো ব্ৰিটিছে জন্ম দিছিল আৰু এতিয়া ইটালিয়ান মহিলা এগৰাকীয়ে চলাই আছে ৷ কংগ্ৰেছত ভাৰতীয়ত্বৰ কোনো ধাৰণা নাই ৷ ভাৰতীয়ত্ব য'ত নাই তাত সাধাৰণ ৰাইজ থাকিব নোৱাৰে ৷ বিজেপিয়ে ভাৰতীয় আদৰ্শ, ভাৰতীয় সংস্কৃতি, সভ্যতাক লৈ আগবাঢ়িছে আৰু এয়া গান্ধীজীৰ আদৰ্শ ৷ ৰামৰাজ্যৰ সপোন আছিল গান্ধীৰ সেই আদৰ্শক লৈ নৰেন্দ্ৰ মোডী আগবাঢ়িছে ৷"

লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ সিদ্ধান্তক লৈয়ো মন্তব্য প্ৰকাশ কৰে জয়ন্তমল্ল বৰুৱাই ৷ সদৌ অসম ছাত্ৰ সন্থাই অসমৰ পৰিবেশ বুজি নিশ্চয়কৈ চিন্তা কৰিব, আৰু তেওঁলোকৰ আন্দোলন কৰাৰ অধিকাৰ আছে ৷ বিজেপিয়ে সকলোকে লৈ ইতিবাচক দৃষ্টিৰে অসমখন আগবাঢ়াই নিছে ৷ গতিকে কোনে কি কব বিচাৰিছে তাক লৈ আমাৰ গুৰুত্ব দিব লগা নাই ৷ আন্দোলন কৰি দেশখন আগুৱাব নোৱাৰি বৰং আন্দোলনৰ বাবে দেশখন পিছপৰি হে ৰয় ৷ আমি কাম কৰি দেশখন আগুৱাব বিচাৰিছো ৷ আন্দোলন কৰাসকলে আন্দোলন কৰি থাকিব আৰু আমি কাম কৰি থাকিম ৷ আনহাতে বদৰুদ্দিন আজমলৰ দুটা সন্তানৰ নীতিক লৈ কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপি নেতাজনে ৷ এই সন্দৰ্ভত তেওঁ কয়,

"জন্ম নিয়ন্ত্ৰণ নকৰাকৈ অত্যাধিক জন বিস্ফোৰণৰ জৰিয়তে অসমৰ সংস্কৃতি বিনষ্ট কৰিব ওলাইছে ৷ অসমখনক গ্ৰাস কৰিব বিচাৰিছে ৷ গতিকে তেওঁ এই নীতি নমনাটো স্বাভাৱিক ৷ অসমৰ ভৱিষ্যত ৰক্ষাৰ বাবে আৰু অসমীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ বাবে, অসমৰ খিলঞ্জীয়া মানুহৰ সবল স্থিতি ৰাখিবৰ বাবে এই নীতিৰ অত্যন্ত প্ৰয়োজন আছে ৷ তেওঁলোকে ধৰ্মৰ নামত, জনসংখ্যাৰ বিস্ফোৰণৰ জৰিয়তে ইয়াৰ খিলঞ্জীয়া মানুহক গ্ৰাস কৰিব বিচাৰে ৷ আমি সেইটো হব দিব নোৱাৰো ৷"

বৰপেটা,বিশ্বনাথত বিজেপিৰ সংকল্প যাত্ৰা

ইফালে টীয়কতো বিজেপিৰ দুয়োটা ব্লকৰ বিজেপি সদস্য-সদস্যা সকলে আয়োজন কৰে গান্ধী সংকল্প যাত্ৰা ৷ দেওবাৰে আয়োজিত এই গান্ধী সংকল্প যাত্ৰা টীয়কৰ পুৰণা বেংক তিনিআলিস্থিত কলীয়াপানী ব্লক বিজেপি কাৰ্যালয়ৰ পৰা কাকজানলৈকে সুদীৰ্ঘ ১০ কি.মি. পথ পৰ্যন্ত অতিক্ৰম কৰে । যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰা তথা দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকা, জিলাৰ সভাপতি জিতু হাজৰিকাকে প্ৰমুখ্য কৰি জিলা তথা ব্লক পৰ্য্যায়ৰ সকলো বিষয় ববীয়াই অংশগ্ৰহণ কৰে এই যাত্ৰাত । মহাত্মা গান্ধীৰ আদৰ্শক বুকুত বান্ধি ভাৰতবৰ্ষখন স্বচ্ছ আৰু প্লাষ্টিক মুক্ত দেশ গঢ়িবলৈ প্ৰতিজন দেশৰ নাগৰিকক আহ্বানত এই যাত্ৰা সমগ্ৰ দেশতে উদযাপন কৰা হৈছে বুলি মন্তব্য কৰিছে তপন কুমাৰ গগৈয়ে ।

আনহাতে বিশ্বনাথৰ বিহালীতো ভাৰতীয় জনতা পাৰ্টিৰ গান্ধী সংকল্প যাত্ৰা ৷ বিহালীত সমগ্ৰ দেশৰ লগতে বিশ্বনাথৰ বিহালী সমষ্টিটো বিজেপিয়ে গান্ধী সংকল্প যাত্ৰা আৰম্ভ কৰিছে । সোমবাৰে বিজেপি দলে এক বৃহৎ ৰেলীৰ আয়োজন কৰি বিহালী বুৰৈ ঘাটৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰৰে প্ৰায় ৭ কিলোমিটাৰ পথ শোভাযাত্ৰা কৰে । প্ৰায় ৫ শতাধিক বিজেপি কৰ্মী উপস্থিত থকা ৰেলীত অংশগ্ৰহণ কৰে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসৰ লগতে কেবিনেট মন্ত্ৰী ৰণজিৎ দত্ত আৰু বিজেপি নেতা দিগন্ত ঘাটোৱাৰ ।

বিজেপিৰ সংকল্প যাত্ৰা

লগতে পঢ়ক : নিউ গ্ল'ৱেল কমিটমেন্টঃ প্লাষ্টিক ৰোধৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ অগ্ৰগতি

Intro:as_biswaanth_803_28_oct_bjp_rally_dl_as10018

Body:as_biswaanth_803_28_oct_bjp_rally_dl_as10018

Conclusion:as_biswaanth_803_28_oct_bjp_rally_dl_as10018
Last Updated : Oct 28, 2019, 10:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.