তেজপুৰ, ২৪ ফেব্ৰুৱাৰী: সমাগত বিধানসভা নিৰ্বাচন । ৰাজনৈতিক নেতা-মন্ত্ৰী নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হোৱাৰ বিপৰীতে ৰাজ্যৰ ঠায়ে-ঠায়ে চাহ শ্ৰমিকে মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে । বুধবাৰে শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত চাহ মজদুৰ সংঘৰ লগতে অসমৰ চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই শোণিতপুৰত প্ৰতিবাদ সাব্যস্ত কৰে । জিলাখনৰ প্ৰতিখন চাহ বাগিছাত মন্ত্ৰী সঞ্জয় কিষান মুৰ্দাবাদ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ফাকিবাজ আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷
সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে বিধানসভা নিৰ্বাচনৰ ভোটৰ অংকৰে পুনৰ চাহ আদিবাসীসকলক ললিপপ দিবলৈ ওলাইছে ৷ চৰকাৰৰ এই নিৰ্বাচনী টোপ গ্ৰহণ নকৰিবলৈ চাহ শ্ৰমিকক আহ্বান আটছাৰ ৷ চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি নকৰি কেৱল মাত্ৰ ৫০ টকা বৃদ্ধি কৰি চাহ শ্ৰমিকসকলক ললিপপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ প্ৰতিবাদকাৰী সকলৰ ৷
লগতে ঠগ প্ৰৱঞ্চনাৰ ডিগ্ৰীধাৰী বিজেপি চৰকাৰখনে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ নামত নিৰ্বাচনৰ পূৰ্বে সামান্য বৃদ্ধি কৰি মাত্ৰ প্ৰৱঞ্চনা কৰিছে । ২০১৮ ৰ জানুৱাৰী মাহৰ পৰা আজিলৈকে শ্ৰমিক সকলে বকেয়া ধনো নাপালে ৷ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে এইসকল লোকক মোকলাই দিয়াৰ আশ্বাস দিছিল । যাৰ ফলস্বৰূপে এইবেলি নিৰ্বাচনত মোডী চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ ।
উল্লেখ্য যে, জিলাখনত চাহ বাগিছাৰ ১,৬৮ লক্ষাধিক ভোটাৰে নিৰ্নায়কৰ ভূমিকা লৈ আহিছে এইবেলি নিৰ্বাচনত । গতিকে এইবাৰ নিৰ্বাচনত চাহ বাগিছাত কেৱল মাত্ৰ শ্ৰমিকৰ মজুৰি বিষয়টোৱেই বিজেপি চৰকাৰখনক ক্ষতি কৰিব বুলি ধাৰণা কৰা হৈছে ।