তেজপুৰ, ১০ অক্টোবৰ: মালয়েছিয়াৰ কুৱালালামপুৰৰ ইন্টাৰনেচনেল য়ুথ চেন্টাৰত ৩০ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যোৱা ১৫সংখ্যক আন্তঃৰাষ্ট্ৰীয় যুৱ শান্তি মহোৎসৱত(15th Global Youth Peace Fest 2022) অংশ লয় ৰাজ্যৰ দুই প্ৰতিভাশালী যুৱক তৃষাণু ভূঞা আৰু হিমাংশু ৰাজ বৰাই ৷ এই আন্তঃৰাষ্ট্ৰীয় যুৱ শান্তি মহোৎসৱখন ২ অক্টোবৰলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ৩ অক্টোবৰলৈ অতিৰিক্ত দিন বৃদ্ধি কৰা হয় ৷
![15th Global Youth Peace Fest 2022](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16607637_717_16607637_1665414068170.png)
দৰং মহাবিদ্যালয়ৰ ছাত্ৰ সংসদৰ প্ৰাক্তন সভাপতি তৃষাণু আৰু মহাবিদ্যালয়খনৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদক হিমাংশুৱে পৰৱৰ্তী সময়ত বিভিন্ন সামাজিক আৰু সাংস্কৃতিক কাৰ্যৰ লগত জড়িত থাকে ৷ দুই প্ৰতিভাশালী যুৱকে ছিক্কিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।দুয়োজনে বিভিন্ন সময়ত ৰাজ্যৰ সামাজিক কৰ্মৰ লগত জড়িত থকাৰ বাবেই এই আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীলৈ আমন্ত্ৰণ লাভ কৰে ৷
আন্তঃৰাষ্ট্ৰীয় যুৱ শান্তি মহোৎসৱখনত দেশৰ বিভিন্ন ৰাজ্যৰ সামাজিক ক্ষেত্ৰখনত অগ্ৰণী ভূমিকা পালন কৰা ব্যক্তি তথা যুৱ প্ৰতিনিধিৰ লগতে মালয়েছিয়া, ফিলিপাইনছ, চিৰিয়া, চুডান, বাংলাদেশ, পাকিস্তান, শ্ৰীলংকা, ইণ্ডোনেচিয়া, মালদ্বীপ, থাইলেণ্ড, নেপাল আদিকে ধৰি প্ৰায় ১৫ খনৰো অধিক আফ্ৰিকা আৰু এছিয়াৰ বিভিন্ন দেশৰ যুৱক-যুৱতীয়ে অংশ লয় ।
![15th Global Youth Peace Fest 2022](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16607637_186_16607637_1665414032284.png)
মালয়েছিয়াৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সচিব প্ৰধান জানা শান্তিৰাম মুনিয়ানৰ লগতে মালয়েছিয়া মন্ত্ৰালয় আৰু প্ৰশাসনিক বিভাগৰ উচ্চপদস্থ বিষয়াই অংশগ্ৰহণ কৰা এই অনুষ্ঠানত সামাজিক ক্ষেত্ৰখনৰ বহুকেজন আগশাৰীৰ ব্যক্তিও উপস্থিত থাকে ৷ এই সন্মিলনত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলে যুৱ প্ৰজন্মৰ মাজত সামাজিক কাৰ্যাৱলীক কেনেদৰে আগবঢ়াই নিব পাৰি সেই বিষয়েও বিশেষভাৱে আলোচনা কৰে ৷
উল্লেখযোগ্য যে, ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনটোত, সমগ্ৰ দেশতে হোৱা “স্বচ্ছ ভাৰত অভিযান” কাৰ্যসূচীৰ উদাহৰণেৰে তেজপুৰৰ সন্তান তৃষাণুৱে সামাজিক কৰ্ম আৰু যুৱ প্ৰজন্মৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত বিশেষ বক্তব্য আগবঢ়াই উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ একেদৰে বিশ্বনাথৰ গহপুৰৰ যুৱক হিমাংশুৱে সামাজিক তথা সাংস্কৃতিক বিভিন্ন দিশ সামৰি তেওঁৰ বন্তব্য আগবঢ়ায় ৷
অনুষ্ঠানৰ দ্বিতীয়টো দিনত মালয়েছিয়া ইন্টাৰনেচনেল ইছলামিক ইউনিভাৰ্চিটিত(International Islamic University Malaysia) বিভিন্ন সমাজ কৰ্ম বিষয়ক আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । বিশ্ববিদ্যালয়খনৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে সন্মিলনত অংশগ্ৰহণকাৰীসকলৰ এক বাৰ্তালাপ অনুষ্ঠানো ইয়াত অনুষ্ঠিত হয় । ইয়াত অনুষ্ঠিত সাংস্কৃতিক বিনিময় অনুষ্ঠানত যুৱকদ্বয়ে বিহুগীত পৰিৱেশন কৰে ৷
অনুষ্ঠানত উপস্থিত সকলোৱে বিহুৰ আনন্দ উপভোগ কৰে ৷ আনহাতে, শাৰদীয় দুৰ্গা পূজাৰ সময়তে অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত দেশ তথা ৰাজ্যক সফলতাৰে প্ৰতিনিধিত্ব কৰা দুই যুৱকে অসমত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে সদৰী কৰে ৷
লগতে পঢ়ক: ভোটাৰক সজাগ কৰিবলৈ বৰপেটাত বাটৰ নাট