ৰঙাপৰা, ২৭ মে': এনএছচিএনৰ আক্ৰমণত শ্বহীদ হোৱা আছাম ৰাইফলছৰ জোৱান কালিদাস শৰ্মাৰ পৰিয়াললৈ ২০ লাখ টকাৰ অৰ্থসাহায্য ঘোষণা কৰা হৈছে । সোমবাৰে এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
উল্লেখ্য যে, ২৫ মে'ৰ দিনা নাগালেণ্ডৰ মন জিলাত উগ্ৰপন্থীৰ কূটাঘাতৰ সন্মুখীন হৈ মৃত্যুক সাৱটি লৈছিল আছাম ৰাইফলছৰ জোৱান গৰাকীয়ে ।