ETV Bharat / city

ৰাজ্যৰ 500 খন চাহ বাগিছাত সম্পন্ন ক’ভিড প্ৰতিষেধক অভিযান

দেওবাৰে তেজপুৰত উপস্থিত হয়, অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষান ৷ চৰকাৰে অসমৰ ৮০০ খন চাহ বাগিচাৰ ভিতৰত সৰ্বমুঠ ৫০০ খন চাহ বাগিচাৰ শ্ৰমিকৰ ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ।

author img

By

Published : Jul 4, 2021, 8:19 PM IST

assam-government-successfully-vaccinating-tea-workers
চাহ বাগিছাত ভেকছিন প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ সফলতা

তেজপুৰ, ৩ জুলাই : সততে চাহ বাগিচাৰ শ্ৰমিক সকলৰ মাজত ক’ভিড সম্পৰ্কে সজাগতাৰ অভাৱ বুলি বিভিন্ন জনে অভিযোগ উত্থাপন কৰি আহিছে ৷ বহু ক্ষেত্ৰত প্ৰায়েই চাহ শ্ৰমিক সকলৰ মাজত ভেকচিন গ্ৰহণৰ প্ৰতি থকা আগ্ৰহৰো অভাৱ বুলি আলোচিত হৈ আহিছে ৷ কিন্তু, সম্প্ৰতি এই অভিযোগ মিছা বুলি প্ৰমাণিত কৰিছে ৰাজ্যৰ চাহ শ্ৰমিক সকলে ৷ ৰাজ্যৰ চাহ শ্ৰমিক ৰাইজৰ মাজত ভেকচিন সম্পৰ্কে থকা ভ্ৰান্ত ধাৰণা নিঃশেষ হ’বলৈ ধৰাৰ ফলস্বৰূপে ভেকচিন ল’বলৈ আগবাঢ়ি আহিছে ৰাইজ ৷ তেজপুৰত এই মন্তব্য আগবঢ়াইছে মন্ত্ৰী সঞ্জয় কিষাণে ৷

assam government successfully vaccinating tea workers
তেজপুৰত শ্ৰম মন্ত্ৰী সঞ্জয় কিষান

পূৰ্বে চাহ শ্ৰমিক সকলৰ মাজত থকা ভ্ৰান্ত ধাৰণা ৰোধ কৰিবলৈ অসম চৰকাৰে ভেকচিন সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ জৰিয়তে প্ৰয়াস কৰিছে । ৰাজ্যৰ প্ৰত্যেকখন চাহ বাগিচাৰ শ্ৰমিকৰ মাজত ক’ভিড সজাগতা সৃষ্টি কৰাৰ লগতে আক্ৰান্ত লোকক হোম কোৱাৰেন্টাইন কৰি থোৱাৰ পৰিৱৰ্তে পোনে পোনে চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা হয় ৷ এই কথা জানিবলৈ দিছে অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে(labour minister Sanjay Kishan) ৷

দেওবাৰে মন্ত্ৰী গৰাকীয়ে তেজপুৰত উপস্থিত হৈ কয় যে, অসমৰ ৮০০ খন চাহ বাগিচাৰ ভিতৰত সৰ্বমুঠ ৫০০ খন চাহ বাগিচাৰ শ্ৰমিকৰ ক’ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হৈছে ।

তেজপুৰৰ ত্ৰিবেণীস্থিত শ্ৰম বিভাগৰ সহকাৰী শ্ৰম আয়ুক্তৰ নৱ নিৰ্মিত কাৰ্য্যালয়ৰ গৃহ উন্মোচন কৰি দেওবাৰে মন্ত্ৰীগৰাকীয়ে কয় , ৰাজ্যত মুঠ ১১ টা এনেধৰণৰ কাৰ্য্যালয়ৰ নিৰ্মান কৰা হৈছে যাতে শ্ৰমিক তথা চাহ শ্ৰমিক সকলে বাগিচাৰ মালিক পক্ষৰ মাজত থকা আসোঁৱাহ সমূহ দূৰ কৰিবলৈ সক্ষম হয় । অনুষ্ঠানত বৰচলা, ৰঙাপৰা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, কৃষ্ণ কমল তাঁতী, ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগৰ সচিব মৃদুল মহন্ত ,শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেছ চন্দ্ৰ দাস উপস্থিত থাকে ।

লগতে পঢ়ক : অইলৰ নিযুক্তিত 4 জিলাৰ প্ৰাৰ্থীক প্ৰাধান্য: আলফা(স্বা)ৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.