ETV Bharat / city

ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাত ব্যতিক্ৰমী ৰূপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - ৰঙাপৰাৰ নিৰ্বাচনী প্ৰচাৰত সৰ্বানন্দ সোণোৱাল বাতৰি

ফুলবাৰী চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী ৷ চাহ শ্ৰমিকসকলৰ সৈতে মত-বিনিময় ৷

ফুলবাৰী চাহ বাগিচাত চাহ শ্ৰমিকৰ মাজত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
author img

By

Published : Oct 16, 2019, 11:02 PM IST

শোণিতপুৰ,16 অক্টোবৰ: শোণিতপুৰ ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাত বুধবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বিজেপিৰ প্ৰাৰ্থী ৰাজেন বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰে ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাত হেলিকেপ্টাৰৰে আহি উপস্থিত মুখ্যমন্ত্ৰী হোৱা সোণোৱালে চাহ শ্ৰমিক, ৰাইজৰ সৈতে মত-বিনিময় কৰে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ জন্মস্থান চাবুৱাত শৈশৱকালত খাৰজান চাহ বাগিচাত কটোৱা মধুৰ স্মৃতিৰ কথা ৰাইজৰ আগত উল্লেখ কৰে ৷ খাৰজান চাহ বাগিচাৰ ১৪ আৰু ৭নং শ্ৰমিক লাইনত অনুষ্ঠিত হোৱা দুৰ্গা পূজা আৰু কালি পূজা উপভোগ কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে সোঁৱৰে ৷

শোণিতপুৰ ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

বিগত ৫৫ বছৰে দিল্লী আৰু ৰাজ্যত ৰাজত্ব কৰা কংগ্ৰেছে চাহ শ্ৰমিকসকলৰ মনৰ বেদনা উপলব্ধি কৰিব নোৱাৰিলে বুলি সমালোচনা কৰি বিগত তিনিবছৰত বিজেপিয়ে কৰা কামৰ উল্লেখ কৰে ৷ তেওঁ কংগ্ৰেছে ৫৫ বছৰত কৰিব নোৱাৰা কাম বিজেপিয়ে 3 বছৰত কৰা বুলি ৰাইজৰ আগত মন্তব্য কৰে ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি চৰকাৰে ৰাজ্যৰ গৰ্ভৱতী মহিলাসকলক ১০ হাজাৰকৈ টকা দিয়াৰ ব্যৱস্থা কৰাৰ আঁচনিৰ কথাও ৰাইজক জনায় ৷

Intro:ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাত ব্যতিক্ৰমী ৰূপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালঃ শ্ৰমিক ৰাইজৰ লগত মত-বিনিময়Body:ৰঙাপৰাৰ ফুলবাৰীত চাহ বাগিছাত আজি উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। বিজেপিৰ প্ৰাৰ্থী ৰাজেন বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰে ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাত হেলিকেপ্টাৰৰে আহি উপস্থিত হয়। তাৰ পাছত চাহ বাগিচাখনৰ চালানত উপস্থিত হৈ চাহ শ্ৰমিক ৰাইজৰ সৈতে মত-বিনিময় কৰে। ভাষণ প্ৰসঙ্গত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে মোৰ জন্ম গাঁও চাবুৱাৰ বিন্দাকান্দা মূলকগাঁও। গাওঁখনৰ দাতিতে লাগি আছে খাৰজান চাহ বাগিচাৰ আৰু কিছু দূৰত্বত আছে বালিজান-দিনজান চাহ বাগিচা। লৰালি কালত সমনীয়াৰ সৈতে খাৰজান চাহ বাগিছাৰ ১৪ আৰু ৭ নং শ্ৰমিক লাইনত অনুষ্ঠিত হোৱা দুৰ্গা পূজা আৰু কালি পূজা চাই উপভোগ কৰিছিলো আৰু সেই লৰালি কালৰ কথা আজি মনত পৰিছে। বিগত ৫৫ বছৰে দিল্লী আৰু ৰাজ্যত কংগ্ৰেছ দলটোয়ে ৰাজত্ব কৰিছিল। কিন্তু বিগত ৫৫ বছৰে কংগ্ৰেছ চৰকাৰখনে চাহ শ্ৰমিক ৰাইজৰ মনৰ বেদনা উপলব্ধি কৰিব নোৱাৰিলে। চাহ শ্ৰমিক ৰাইজৰ কোনো কথাই গুৰুত্ব নিদিলে। কংগ্ৰেছ দলটোৱে চাহ শ্ৰমিক ৰাইজৰ বাবে অলপো চিন্তা নকৰিলে। কেৱল নিৰ্বাচনৰ সময়ত কংগ্ৰেছে আপোনালোকৰ মাজত বিভাজনৰ সৃষ্টি কৰি অনাহকত কিছুমান অযুক্তিকৰ কথা কৈ আহিছে। চাহ শ্ৰমিক ৰাইজৰ প্ৰতি কংগ্ৰেছৰ আন্তৰিকতা থাকিলহেতেন তেতিয়াহলে বিজেপিয়ে ৩ বছৰত কৰা কামখিনি কিয় ৫৫ বছৰত কৰিব নোৱাৰিলে? কংগ্ৰেছে গৰ্ভৱতী মহিলা সকলৰ কথাও চিন্তা নকৰিলে। বিজেপি চৰকাৰে ৰাজ্যৰ গৰ্ভৱতী মহিলা সকলক ১০ হাজাৰ টকা দিয়াৰ ব্যৱস্থা কৰিছে। বক্তব্য সামৰণি মৰাৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে চাহ শ্ৰমিক ৰাইজৰ সৈতে ফটো উঠি আনন্দত মতলীয়া হৈ পৰে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.