ETV Bharat / city

চীনা সৈন্যৰ হাতত বন্দী অৰুণাচলী যুৱক - ভাৰত-চীন সীমান্ত

চীনা সৈন্যই বন্দী কৰিলে অৰুণাচলৰ যুৱকক ৷ টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰিলে অৰুণাচলৰ পাছিঘাটৰ বিধায়ক তথা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ নিনং এৰিঙয়ে ।

নিনং এৰিঙৰ টুইট
চীনা সৈন্যৰ হাতত বন্দী অৰুণাচলী যুৱক
author img

By

Published : Sep 5, 2020, 9:37 AM IST

Updated : Sep 5, 2020, 9:51 AM IST

তেজপুৰ, 5 ছেপ্তেম্বৰ : অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীত নাচু ভাৰত-চীন সীমান্তত ভয়ংকৰ ঘটনা । 5 জন অৰুণাচলৰ যুৱকক ৰঙা চীনৰ পি এল এ সেনাই সীমান্তৰ পৰা বন্দী কৰি লৈ যায় ।

এই তথ্য টুইট যোগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জনাইছে অৰুণাচলৰ পাছিঘাটৰ বিধায়ক তথা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ নিনং এৰিঙয়ে । পূৰ্বে ডিবাং ভেলীৰ সীমান্তৰ পৰা এই বছৰৰ মাৰ্চ মাহত অন্য এজন যুৱকক লৈ গৈছিল যদিও পৰৱৰ্তী সময়ত লাডাখত ভাৰতীয় সেনাক অৰ্পণ কৰিছিল ।

চীনা সৈন্যৰ হাতত বন্দী অৰুণাচলী যুৱক
পাৰ্কাচ ৰিংলিং

অৰুণাচলৰ ভাৰত-চীন সীমান্তত এক ভয়াবহ পৰিস্থিতিয়ে বিৰাজ কৰিছে বিগত আগষ্ট মাহৰ পৰা । বন্দী কৰি নিয়া যুৱক কেইজনৰ নাম তানু বাকেৰ, পাৰ্কাচ ৰিংলিং, নাগৰু ডিৰী, নাংটো এবিয়া আৰু তাচো চিংসম বুলি এৰিঙে টুইটাৰত উল্লেখ কৰিছে ।

লগতে পঢ়ক : শিক্ষাগুৰুসকলৰ বাবে উৎসৰ্গিত এটা দিন

Last Updated : Sep 5, 2020, 9:51 AM IST

For All Latest Updates

TAGGED:

Tezpur
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.