ETV Bharat / city

দুৰ্ভিক্ষৰ জীৱন কটোৱা এখন ভয়াৱহ ছবি - arunachal food crisise

লকডাউনৰ সময়ত ভাৰতবৰ্ষৰ এখন বিশেষ ৰাজ্যত গছৰ পৰা তৈয়াৰী খাদ্যৰে একাংশ লোকে কৰিবলগীয়া হৈছে জীৱন নিৰ্বাহ ৷

লকডাউনৰ মাজতে পোহৰলৈ আহিছে দুৰ্ভিক্ষৰ জীৱন কটোৱা ভয়াৱহ ছৱি
Arunachal Food crisise
author img

By

Published : Apr 15, 2020, 5:08 PM IST

Updated : Apr 15, 2020, 5:24 PM IST

তেজপুৰ,15এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে সমগ্ৰ দেশত অব্যাহত আছে লকডাউন ৷ কিন্তু লকডাউনৰ এই সময়ত কিমান ভয়াৱহ হ'ব পাৰে জীৱন-নিৰ্বাহ ? কেনেদৰে খাদ্যৰ সংকটত ভুগি অসহায় জীৱন পাৰ কৰিব লগা হৈছে একাংশ লোকে ? পোহৰলৈ আহিছে দুৰ্ভিক্ষৰ জীৱন কটোৱা একাংশ লোকৰ ভয়ংকৰ ছবি ৷

দুৰ্ভিক্ষৰ জীৱন কটোৱা এখন ভয়াৱহ ছবি

ETV Bharatৰ হাতত আহি পৰা এক তথ্য অনুসৰি বিশ্বায়ণৰ এই যুগত লক ডাউনৰ বাবে অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চলৰ লোকসকলে মুখামুখি হ'ব লগা হৈছে আদিম সভ্যতাৰ ৷ ভাৰত চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ কুৰুং কুৰমে জিলাৰ ডামিন আৰু পানিচাং ৰাজহ চক্ৰৰ লোকসকলে লকডাউনৰ সময়ছোৱাত একমাত্ৰ দুৰ্গম যাতায়ত ব্যৱস্থাৰ বাবেই পাৰ কৰিব লগা হৈছে দুৰ্বিষহ জীৱন ৷ খাদ্যৰ অভাৱত লোকসকলে গছৰ পৰা তৈয়াৰী পৌৰাণিক খাদ্যৰে পাৰ কৰিবলগীয়া হৈছে জীৱন নিৰ্বাহ ৷ স্থানীয় লোকসকলে 'Tasse local traditional staple food' নামৰ এবিধ থলুৱা দ্ৰৱ্য প্ৰস্তুত কৰি তাক পুনৰ খাদ্যৰ উপযোগী কৰি খাদ্য হিচাপে গ্ৰহণ কৰা বুলি অভিযোগ কৰিছে হিনিয়োম টাকোং নামৰ পানিচাং ৰাজহ চক্ৰৰ এগৰাকী লোকে ৷

Arunachal Food crisis etv bharat news
দুৰ্ভিক্ষৰ জীৱন কটোৱা এখন ভয়াৱহ ছবি

উল্লেখযোগ্য যে,ইয়াৰ পূৰ্বেও ETV Bharat এ এই অঞ্চলৰ যাতায়ত ব্যৱস্থা সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছিল কিন্তু তাৰপিছতো যাতায়ত ব্যৱস্থা অনুন্নত হোৱাৰ বাবেই দিনৰ উপৰি দিন ধৰি আজিপৰ্যন্ত পথৰ ওপৰতে আবদ্ধ হৈ আছে খাদ্য সামগ্ৰীৰ বাহন ৷ আনহাতে ৰাজহ চক্ৰৰ স্থানীয় প্ৰতিনিধিৰ দল এটা উপস্থিত হৈ অতি শীঘ্ৰে এই দুটা অঞ্চলত খাদ্য সামগ্ৰী আৰু চিকিৎসা সেৱাৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্তলৈ এক পত্ৰও প্ৰেৰণ কৰিছে ৷

Arunachal Food crisis etv bharat news
নৈসৰ্গিক অৰুণাচল

এতিয়া প্ৰশ্ন হয়, আৰু কিমান দিন এনেদৰে জীৱন নিৰ্বাহ কৰিব লাগিব অৰুণাচল প্ৰদেশৰ ডামিন আৰু পানিচাং ৰাজহ চক্ৰৰ লোকসকলে ?এই ভয়াৱহ সময়ত দুৰ্ভিক্ষৰ মাজেৰে জীৱন যাপন কৰা লোকসকলৰ সুৰক্ষাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব অৰুণাচল চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে ?

লগতে চাওকঃআমগুৰিত চুলাই বেপাৰীক আটক

Last Updated : Apr 15, 2020, 5:24 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.