ETV Bharat / city

অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী খাণ্ডুৰ - Arunachal Pradesh Public Services Commission

২৪ আগষ্টত এটা কোচিং চেণ্টাৰৰ শিক্ষকে এজন পৰীক্ষাৰ্থীক দিছিল বুলি অভিযোগ উত্থাপিত হয় । খাণ্ডুয়ে উল্লেখ কৰে- “নিয়োগ প্ৰক্ৰিয়াটো সুশৃংখলিত কৰাৰ বাবে চৰকাৰে আন্তৰিকতাৰে প্ৰচেষ্টা চলোৱাৰ পিছতো এনেধৰণৰ কাণ্ডবোৰ সংঘটিত হোৱাটো সঁচাকৈয়ে হতাশাজনক । মই প্ৰাৰ্থী আৰু জনসাধাৰণক আশ্বাস দিছো যে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু সংঘটিত ঘটনাৰ তদন্ত কৰি সংশোধন কৰা হ’ব যাতে ভৱিষ্যতে পুনৰাবৃত্তি নহয় ।"

Breaking News
author img

By

Published : Sep 17, 2022, 12:41 PM IST

তেজপুৰ, ১৭ছেপ্টেম্বৰ: অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগে (Arunachal Pradesh Public Services Commission) শেহতীয়াকৈ অনুষ্ঠিত কৰা সহকাৰী অভিযন্তা (চিভিল)ৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে । ৰাজ্য চৰকাৰে কোনোধৰণৰ দুৰ্নীতি সহ্য নকৰে বুলি উল্লেখ কৰি খাণ্ডুৱে কয় যে শেহতীয়া ঘটনাটোৰ লগত জড়িত থকা কোনো লোককে ৰেহাই দিয়া নহ’ব ।

আনহাতে যোৱা ২৬ আৰু ২৭ আগষ্টত অনুষ্ঠিত হোৱা APPSC ৰ দ্বাৰা পৰিচালিত AE Civil Examinationৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ অভিযোগ উত্থাপন কৰি আদালতত আবেদনৰ জৰিয়তে ফলাফল ঘোষণা স্থগিত ৰখাৰ দাবী জনায় একাংশ ভুক্তভোগীয়ে । সদ্যসমাপ্ত পৰীক্ষাত সহকাৰী অভিযন্তাৰ ৩৩টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল মুঠ ৪১৫ গৰাকী পৰীক্ষাৰ্থীৰ মাজত ।

অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ প্ৰশ্ন কাকত ফাদিলৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী খাণ্ডুৰ

সেই বিষয়ৰ প্ৰশ্ন পৰীক্ষাৰ পূৰ্বেই অৰ্থাৎ ২৪ আগষ্টত এটা কোচিং চেণ্টাৰৰ শিক্ষকে এজন পৰীক্ষাৰ্থীক দিছিল বুলি অভিযোগ উত্থাপিত হয় । খাণ্ডুয়ে উল্লেখ কৰে- “নিয়োগ প্ৰক্ৰিয়াটো সুশৃংখলিত কৰাৰ বাবে চৰকাৰে আন্তৰিকতাৰে প্ৰচেষ্টা চলোৱাৰ পিছতো এনেধৰণৰ কাণ্ডবোৰ সংঘটিত হোৱাটো সঁচাকৈয়ে হতাশাজনক । মই প্ৰাৰ্থী আৰু জনসাধাৰণক আশ্বাস দিছো যে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু সংঘটিত ঘটনাৰ তদন্ত কৰি সংশোধন কৰা হ’ব যাতে ভৱিষ্যতে পুনৰাবৃত্তি নহয় ।"

মুখ্যমন্ত্ৰীগৰাকীয়ে "যুৱকৰ ভৱিষ্যতৰ সৈতে কাকো খেলিবলৈ দিয়া নহ’ব" বুলি আশ্বাস দি জনায় যে আৰক্ষীয়ে গোচৰটোৰ ওপৰত গুৰুত্বসহকাৰে তদন্ত কৰি আছে আৰু এতিয়ালৈকে ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ইটানগৰ আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ এদিনৰ পিছত ১১ ছেপ্টেম্বৰত দুজনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে শুক্ৰবাৰে পুনৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয় । ব্যক্তিগত লাভালাভৰ বাবে নিযুক্তি প্ৰক্ৰিয়াত কাকোৱেই হস্তক্ষেপ নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে কঠোৰভাবে সতৰ্ক কৰি দিয়ে ৷ তেওঁ কয়, ‘মই পুনৰ কওঁ, কোনো ক্ষেত্ৰতে কোনো ধৰণৰ দুৰ্নীতি সহ্য কৰা নহ’ব । ইয়াৰ লগত জড়িত সকলে শাস্তিৰ সন্মুখীন হ’ব লাগিব ।'

লগতে পঢ়ক: অসমক আগুৱাবলৈ কাজিৰঙাত চৰকাৰৰ চিন্তন শিবিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.