ব্ৰহ্মপুত্ৰত সন্ধানহীন সেনাৰ জোৱান - Tezpur Gajraj Corps of Salmara
ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন ৷ নাৱৰ পৰা পৰিল সেনাৰ জোৱান(Army Jawan missing in Brahmaputra) ৷ চৌকিঘাট দলঙৰ দিশে গৈ থকা সময়তে সংঘটিত হয় এই ঘটনা ৷
![ব্ৰহ্মপুত্ৰত সন্ধানহীন সেনাৰ জোৱান army-jawan-missing-in-brahmaputra-in-tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-16223346-thumbnail-3x2-protest.jpg?imwidth=3840)
তেজপুৰ, ২৮ আগষ্ট: ব্ৰহ্মপুত্ৰত অঘটন । ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ কৰি থাকোতে পানীত পৰিল ভাৰতীয় সেনাৰ এজন জোৱান(Army Jawan missing in Brahmaputra in Tezpur) ৷ সেনা জোৱানজন শলমৰাৰ তেজপুৰ গজৰাছ কৰ্পছৰ অনিল কুমাৰ বুলি জানিব পৰা হৈছে(Tezpur Gajraj Corps of Salmara) ৷
সেনা জোৱানজনে আজি তেজপুৰত তিনিজন সতীৰ্থৰে নৌকা বিহাৰ কৰি থকা সময়তে ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় ৷ সতীৰ্থ দুয়োজনে জোৱানজনক ৰক্ষাৰ চেষ্টা কৰিও ব্যৰ্থ হয় ৷ জানিব পৰা মতে, তেওঁলোক চৌকিঘাট দলঙৰ দিশে গৈ থকা সময়তে সংঘটিত হয় এই ঘটনা ৷
জোৱানজনক উদ্ধাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান আৰম্ভ কৰা হৈছে যদিও নিশা হোৱাৰ বাবে এই অভিযানত কিমান দূৰ সফল হ’ব সেয়া সন্দেহাতীত ৷ কাইলৈ অৰ্থাৎ সোমবাৰৰ পুৱাৰ পৰাহে পূৰ্ণ পৰ্যায়ৰ উদ্ধাৰ অভিযান আৰম্ভ কৰা হ’ব বুলি জানিব পৰা হৈছে ৷
লগতে পঢ়ক : চীন অৰুণাচল সীমান্ত পৰিদৰ্শন কৰিব কংগ্ৰেছৰ প্ৰতিনিধি দলে