ETV Bharat / city

মুখ্যমন্ত্ৰী কনভয়ৰ গাড়ীত তেল ভৰাবলৈ ধনৰ অভাৱ : অপূৰ্ব ভট্টাচাৰ্য্য - অপূৰ্ব ভট্টাচাৰ্য্য

অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই ৰাজ্যৰ বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনক নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি এটাও সম্পন্ন কৰিব নোৱাৰাৰ বাবে সমালোচনা কৰে ।

মুখ্যমন্ত্ৰী কনভয়ৰ গাড়ীত তেল ভৰাবলৈ ধনৰ অভাৱ : অপূৰ্ব ভট্টাচাৰ্য্য

author img

By

Published : Sep 16, 2020, 7:49 PM IST

তেজপুৰ, 16 ছেপ্টেম্বৰ : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই বিজেপিৰ নেতৃত্বাধীন অসম চৰকাৰক নিৰ্বাচনী প্ৰতিশ্ৰুতি সম্পন্ন কৰিব নোৱাৰাৰ বাবে সমালোচনা কৰে ।

চৰকাৰৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ গাড়ীত তেল ভৰাবলৈও ৰাজভৰালৰ ধনৰ অভাৱ বুলি কটাক্ষ কৰে তেওঁ । চৰকাৰে নিৰ্বাচনৰ সময়ত বিভিন্ন আঁচনিৰ চমক দি ৰাইজক আভুৱা ভাৰিছে বুলি কয় । বুধবাৰে তেজপুৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত ভট্টাচাৰ্য্যই কয় যে এফালে চৰকাৰে 830 টকাৰ অৰুণোদয় আঁচনিৰ জৰিয়তে দুখীয়া ৰাইজক সহায়ৰ হাত আগবঢ়াই চমক দিয়াৰ চেষ্টা আৰু আনফালে স্বয়ং মুখ্যমন্ত্ৰীয়ে 45 খনৰো অধিক গাড়ীৰ কনভয় লৈ ৰাজহ ব্যয় কৰি ঘূৰি ফুৰে ।

মুখ্যমন্ত্ৰী কনভয়ৰ গাড়ীত তেল ভৰাবলৈ ধনৰ অভাৱ

আনহাতে তেওঁ কয় যে চৰকাৰ গঠন কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অফিচত গৈ এখন পূৰ্ণাংগ নাগৰিক পঞ্জী নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দি পৰৱৰ্তী সময়ত বিদেশী নাগৰিকৰ পৰিৱৰ্তে স্বদেশী নাগৰিককে বিদেশী সজোৱাৰ ব্যৱস্থা কৰিলে বুলি তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক : কাৰ্গিল 2.0ৰ বাবে সাজু ভাৰতীয় সেনা, বিশেষ প্ৰতিবেদন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.