তেজপুৰ, ২১ডিচেম্বৰ : বেলি ডুবিলেই অন্ধকাৰে গ্ৰাস কৰে তেজপুৰ নগৰৰ কেইটামান বিশেষ স্থানক ৷ চন্দ্ৰৰ পোহৰ নপৰিলে সেই অঞ্চলৰ পথ সমূহ হৈ পৰে ঝাৰণিত মাজনিশাৰ বাটৰ দৰে ৷ পথৰ কাষত ঠিয় হৈ আছে কিছুমান সৌৰশক্তি চালিত লাইটৰ খুঁটা (Solar power street light in Tezpur) ৷ পিচে সেয়াও মাত্ৰ দেখাৰ শুৱনিহে ৷ লাইটহে আছে, কিন্তু নজ্বলে ৷ পৌৰসভাৰ অধীনৰ এই এলেকা কেইটাত এতিয়া ৰাতি হ’লেই ঘন আন্ধাৰে বাট ভেটি ধৰে ৰাইজক ৷
মেচাৰ্ছ ব্ৰীজ এণ্ড ৰুফ কোম্পানী প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে তেজপুৰ পৌৰসভা এলেকাত সৌৰ চাকিৰ ব্যৱস্থাকৰণৰ (Solar light installation in Tezpur town) ঠিকা লাভ কৰে ৷ আঁচনি ৰূপায়ণৰ মাত্ৰ তিনিমাহৰ পাছতে বহুসংখ্যক সৌৰ চাকি বিকল হৈ পৰাৰ পাছত তেওঁলোকে মেৰামতিৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা হেমাহিৰ বাবে চহৰখনৰ বহু অঞ্চল নিশা অন্ধকাৰত ডুব যোৱা পৰিলক্ষিত হৈছে ৷
উল্লেখযোগ্য যে, যোৱা ছেপ্টেম্বৰত আক্ষৰিক অৰ্থত সম্পূৰ্ণ হোৱা সৌৰ চাকিৰ আঁচনিখনৰ বহুসংখ্যক লাইট আৰম্ভণিৰ পৰাই নজলাকৈ থকাৰ লগতে বৰ্তমান তেজপুৰ চহৰৰ গুৰুত্বপূৰ্ণ বহু অঞ্চলৰ সৌৰ চাকিৰ এই পোহৰৰ ব্যৱস্থা বিকল হৈ পৰিছে (Solar lights damaged in Tezpur town)৷
মনকৰিবলগীয়া যে, ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৌৰ আৰু গাঁও পঞ্চায়ত এলেকাত কেন্দ্ৰীয় চৰকাৰৰ এখন পোহৰৰ আঁচনি ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছিল ৷ ইয়াৰ বাবে অসম শক্তি উন্নয়ন সংস্থা চমুকৈ এ ই ডি এৰ জৰিয়তে ১০ শতাংশ ৰেহাই মূল্যত আঁচনিখন ৰূপায়ণ কৰা হৈছিল ৷ শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ে এই বিষয়ে জানিব পাৰি শোণিতপুৰতো আঁচনিখন ৰূপায়ণৰ বাবে আগ্ৰহী হয় ৷
জিলাখনৰ তদানীন্তন উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে এই বিষয়ে তেজপুৰ পৌৰসভাকো আঁচনিখনৰ সুবিধা গ্ৰহণ কৰাৰ পৰামৰ্শ আগবঢ়ায় ৷ সেই অনুসৰি তেজপুৰ পৌৰসভাই ১৯টা ৱাৰ্ডৰ বাবে মুঠ ৯৫৮টা খুঁটাসহ সৌৰশক্তি চালিত চাকিৰ বাবে চতুৰ্দশ বিত্তীয় শিতানৰ পৰা আসাম এনাৰ্জি ডেভলেপমেণ্ট এজেঞ্চিক (Assam Energy Development Agency) উপায়ুক্ত কাৰ্যালয়ৰ জৰিয়তে আদায় দিয়ে ২৫ লাখ ৯ হেজাৰ ৩৯০টকা ৷
ইয়াৰ পাছতে এ ই ডি এই নিবিদাৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে শোণিতপুৰ তথা তেজপুৰত সৌৰশক্তিৰ এই আলোকব্যৱস্থাৰ কামৰ ঠিকা আৱন্টন দিয়ে দিল্লী-কলকতা আদিত কাৰ্যালয় থকা মেচাৰ্ছ ব্ৰীজ এণ্ড ৰুফ প্ৰাইভেট লিমিটেড কোম্পানীটোক ৷
কিন্তু কোম্পানীটোৱে এই কাম কৰাৰ সময়তেই আৰম্ভণিৰ পৰাই প্ৰায় ৪০ টা সৌৰশক্তি চালিত লাইট বিকল আছিল ৷ সেই বিষয়ে জনোৱা সত্বেও তেওঁলোকে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ ছেপ্টেম্বৰত নিৰ্ধাৰিত কাম সম্পূৰ্ণ হোৱালৈ আৰু একাধিক লাইট বিকল হোৱাৰ পাছত তেজপুৰ পৌৰসভাই উপায়ুক্ত কাৰ্যালয়ৰ জৰিয়তেও কোম্পানীটোৰ স’তে যোগাযোগ কৰিও বহুবাৰ বিফল হয় ৷
তাৰপাছত মাজতে খালী হাতে কোম্পানীটোৰ দুজন কৰ্মচাৰী আহি তেজপুৰত উপস্থিত হয়হি আৰু বিকল লাইট সমূহৰ মাজৰ প্ৰায় ২০টা মেৰামতি কৰাৰ পাছতেই কোম্পানীটোৱে তেওঁলোকৰ কাম সম্পূৰ্ণ হোৱা বুলি প্ৰমাণপত্ৰ দিবলৈ তেজপুৰ পৌৰসভাক হেঁচা দিয়ে ৷ কিন্তু পৌৰসভাই সেই কথাত সন্মতি নিদিয়াত বাকী বিকল লাইট সমূহ মেৰামতি নকৰাকৈয়ে তেজপুৰ এৰে ঠিকা কোম্পানীৰ দুই কৰ্মচাৰীয়ে ৷
সম্প্ৰতি তেজপুৰৰ বহুসংখ্যক এনে লাইট বিকল হৈ পৰিছে য’দিও কোম্পানীটোক এই বিষয়ে বহুবাক জনোৱাৰ পাছতো তেওঁলোকৰ কৰ্মচাৰী আজি অ’ত কাইলৈ ত’ত বুলি প্ৰকাশ কৰি তেজপুৰৰ বিকল লাইটসমূহৰ মেৰামটি নকৰাকৈ পেলাই থৈছে ৷
উল্লেখযোগ্য যে,তেজপুৰৰ পদুমপুখুৰী পাৰ তথা কটন ৰোড তিনিআলিৰ সমীপৰ পৰা গুৰুত্বপূৰ্ণ অংশ এনে কাৰণতে এতিয়া অন্ধকাৰত ডুব গৈ থাকে ৷ ইয়াৰে সুযোগ লৈ এই অংশত ইতিমধ্যেই দুস্কাৰ্যও সংঘটিত হৈছে ৷ ইপিনে, সৌৰশক্তি চালিত লাইট সংস্থাপনৰ ঠিকা লাভ কৰা কোম্পানীটোৱে নিয়ম মতে তিনিবছৰলৈ ইয়াৰ মেৰামতিৰ দায়িত্ব পালন কৰিব লাগে ৷ কিন্তু আৰম্ভণিতেই বিকল সামগ্ৰী লৈ অহা কোম্পানীটোৱে এতিয়া আৰম্ভণিৰ দায়িত্বই সঠিকভাৱে পালন নকৰি তেজপুৰ পৌৰসভা আৰু ৰাইজক জলা-কলা খুৱাইছে ৷
লগতে পঢ়ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুই বিদেশী ছাত্ৰৰ দেহত অ’মিক্ৰণৰ সন্দেহজনক অৱস্থিতি