ETV Bharat / city

স্বাধীনতা দিৱস উপলক্ষে ITBP ৰ ৮৫০ কি.মি. চাইকেল ৰেলী

author img

By

Published : Aug 17, 2021, 4:45 PM IST

Updated : Aug 17, 2021, 4:53 PM IST

স্বাধীনতা দিৱস উপলক্ষে ভাৰত তিব্বত সীমান্ত আৰক্ষী (Indo-Tibbet Border Police) চমুকৈ ITBP ৰ চাইকেল ৰেলী ৷ 15 আগষ্টতেই ইটানগৰৰ পৰা আৰম্ভ হোৱা এই চাইকেল ৰেলী মঙলবাৰে উপস্থিত হয় ITBP ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় তেজপুৰ ৰঙামাটিত ৷

850 km Bicycle rally by ITBP
৭৫ তম স্বাধীনতা দিৱস উপলক্ষে ITBP ৰ ৮৫০ কি.মি. চাইকেল ৰেলি

তেজপুৰ, 17 আগষ্ট : দেওবাৰে সমগ্ৰ দেশ তথা ৰাজ্যজুৰি উদযাপন কৰা হ’ল দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস ৷ দেশৰ বীৰ শ্বহীদ সকলক সুঁৱৰি দেশবাসীয়ে পালন কৰিলে স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ভাৰত-তিব্বত সীমান্ত আৰক্ষী (Indo-Tibbet Border Police) চমুকৈ ITBP ৰ জোৱানৰ এটা বেটেলিয়ানেও আৰম্ভ কৰিছিল চাইকেল ৰেলী ৷

১৫ আগষ্টৰ দিনা ITBP ৰ এটা বেটেলিয়ানে অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা আৰম্ভ কৰা হয় এই চাইকেল ৰেলীৰ ৷ মঙলবাৰে ৰেলীটো উপস্থিত হয় তেজপুৰৰ ৰঙামাটিস্থিত ITBP ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় । উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ তেজু আৰু বিভিন্ন ক্ষেত্ৰৰ কোম্পানীৰ সহযোগিতাত মুঠ ১৯ জন জোৱান আৰু দুজন বিষয়াই 15 আগষ্টৰ পৰা এই চাইকল ৰেলীৰ জৰিয়তে আৰম্ভ কৰিছিল যাত্ৰা ৷

লগতে পঢ়ক: জিলা ঘোষণাৰ পিছত প্ৰথমবাৰৰ বাবে বজালীত উদযাপন স্বাধীনতা দিৱস

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি তথা আইটিবিপি(ITBP) ৰ ভেটি দৃঢ় কৰাৰ লক্ষ্যৰে জোৱানসকলে আৰম্ভ কৰিছিল এই যাত্ৰা।

জানিব পৰা মতে, জোৱান সকলে মুঠ ৮৫০ কিল’মিটাৰ দূৰত্ব অতিক্ৰম কৰিব লগা এই ৰেলী সমাপ্ত হ’ব শিলিগুৰিত ৷ ইফালে চাইকেল ৰেলী কৰি তেজপুৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাচতে ৬৮ নং বেটেলিয়ানৰ কামাণ্ডাৰ আই. বি. ঝাই জোৱান সকলক জনালে সম্বৰ্ধনা ৷

উল্লেখ্য যে, আইটিবিপিৰ এই বাহিনী বৰ্তমান ভাৰত-তিব্বত সীমান্তৰ উপৰিও ভাৰত-চীন সীমান্তৰ এলেকা সামৰি আছে । সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ আই টি বি পিৰ জোৱানসকলে কৰ্তব্যত ব্যস্ত থকাৰ মাজতে গ্ৰহণ কৰা এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়।

লগতে পঢ়ক: বঙাইগাঁৱত উৎযাপন ৭৫ সংখ্যক স্বাধীনতা দিৱস

Last Updated : Aug 17, 2021, 4:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.