তেজপুৰ, 20 অক্টোবৰ : ইতিহাসে কেতিয়াবা নিজেই পুনৰাবৃত্তি হয় বুলি এক প্ৰবাদ আছে । 2020 চনৰ এপ্ৰিল মাহৰ ভাৰত-চীনৰ সেনাৰ মুখামুখি ঘটনাই ইয়াক পুনৰ সোঁৱৰাই দিয়ে । সুদীৰ্ঘ 58 বৰ্ষ পূৰ্বে চীনা সৈন্যই ভাৰতৰ ভূমিত প্ৰৱেশ কৰি যি বৰ্বৰ আচৰণ কৰিছিল সেয়া পুনৰ কোৱাৰ প্ৰয়োজন নাই । 1962 চনৰ আজিৰ দিনটোত চীনা সৈন্যই নামকা-চুয়েদি ৰাতিপুৱা প্ৰায় 5 বজাত ব্ৰীজ 3ত 150MMৰ শক্তিশালী মৰ্টাৰ গানৰে গোলাবর্ষণেৰে তেতিয়াৰ নেফা হিচাপে পৰিচিত বৰ্তমানৰ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছিল ।
![আজিৰ দিনটোতে 62ত ভাৰতৰ সীমান্ত অতিক্ৰমি অৰুণাচলত সোমাইছিল চীনৰ সেনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-20oct-803-pix-chineseaggression-spl-pranabkumardas-7203907_20102020171807_2010f_1603194487_635.jpg)
ভাৰতত প্ৰৱেশ কৰিবলৈ চীনা সৈন্যই সেই সময়ত 75 MM অটমেটিক আৰু 120 MM মৰ্টাৰৰ ব্যৱহাৰ কৰিছিল । এই তথ্য তেতিয়াৰ দায়িত্বত থকা ব্ৰীগেদিয়াৰ জেপি ডালভিয়ে তেওঁৰ হিমালয়ান ব্লাণ্ডাৰত উল্লেখ কৰিছিল । অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তস্থিত টাৱাঙৰ পৰা পশ্চিম দিশত ভাৰত-তিব্বত-ভূটান সীমান্তলৈ বিস্তাৰিত হৈ আছে ৷ অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা 42 কিলোমিটাৰ দূৰত্বত অৱস্থিত লুমলা অঞ্চলৰ পথেদি, 1962 চনত চীনা সৈন্যই ভাৰতত প্ৰবেশ কৰিছিল ৷ দুৰ্গম পথ অতিক্ৰম কৰি, তেতিয়াৰ বৃহৎ লোহাৰ সাঁকো তৈয়াৰে কৰি লুমলা পৰা টাৱাঙত প্ৰৱেশ কৰিছিল ৰঙা চীনৰ সৈন্যই ৷
![আজিৰ দিনটোতে 62ত ভাৰতৰ সীমান্ত অতিক্ৰমি অৰুণাচলত সোমাইছিল চীনৰ সেনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-20oct-803-pix-chineseaggression-spl-pranabkumardas-7203907_20102020171807_2010f_1603194487_676.jpg)
1962ৰ 8 ছেপ্টেম্বৰত হঠাৎ লুমলা সীমান্ত আক্ৰমণ কৰিছিল চীনে । এই সীমান্তৰ দায়িত্বত আছিল ভাৰতীয় সেনাৰ ব্ৰীগেদিয়াৰ জেপি ডালভি । সেই সময়ত নেফাৰ দায়িত্বত থকা ভাৰতীয় সেনাৰ বিষয়া গৰাকীয়ে তেওঁৰ গ্ৰন্থ দ্যা হিমালয়ান ব্লাণ্ডাৰত উল্লেখ কৰা মতে 1958 চনৰ পৰাই চীনা সৈন্যই ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল আৰু পৰৱৰ্তী সময়ত ভাৰত তিব্বতৰ "নামকা-চু"ত থকা আছাম ৰাইফলছ বাহিনীৰ ওপৰত প্ৰায় 600 চীনা সৈন্যই আক্ৰমণ কৰিছিল ৷ তাৰ পাচত 1962 চনৰ 8 ছেপ্টেম্বৰত উক্ত স্থানত স্থলসেনাৰ এটা সম্পূৰ্ণ ব্ৰীগেড মোতায়েন কৰা হৈছিল ৷
![আজিৰ দিনটোতে 62ত ভাৰতৰ সীমান্ত অতিক্ৰমি অৰুণাচলত সোমাইছিল চীনৰ সেনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-20oct-803-pix-chineseaggression-spl-pranabkumardas-7203907_20102020171807_2010f_1603194487_332.jpg)
1962ত তেজপুৰস্থিত 4 ক'ৰৰ বিষয়া আছিল গাড়ৱাল ৰাইফলছ ৰেজিমেণ্টৰ চতুৰ্থ বাহিনীৰ বিষয়া ব্ৰীগেদিয়াৰ ডালভি ৷ এই যুদ্ধত তেওঁ 7 মাহ চীনা সৈন্যৰ হাতত বন্দী হৈ আছিল ৷ তেওঁৰ মতে লাডাখৰ ওপৰত চীনৰ চকু তেতিয়াও আছিল আৰু লাডাখত সেনা বাহিনী মোতায়েন কৰি তেতিয়াৰ ফ্ৰণ্টিয়াৰ নেফা বৰ্তমানৰ অৰুণাচলৰ সীমান্তত আক্ৰমণৰ আৰম্ভণি কৰিছিল ৷ সেই যুদ্ধৰ নীতি বুজি নোপোৱাটো ভাৰতীয় সেনাবাহিনীৰ চূড়ান্ত ভুল ধাৰণা বুলি তেওঁৰ গ্রন্থ দ্যা হিমালয়ান ব্লাণ্ডাৰত মন্তব্য কৰিছে ৷
![আজিৰ দিনটোতে 62ত ভাৰতৰ সীমান্ত অতিক্ৰমি অৰুণাচলত সোমাইছিল চীনৰ সেনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-20oct-803-pix-chineseaggression-spl-pranabkumardas-7203907_20102020171807_2010f_1603194487_346.jpg)
উল্লেখ্য যে, ইয়াৰ পূৰ্বেই 2018 চনৰ ছেপ্তেম্বৰ মাহত অৰুণাচলৰ দিবাং ভেলীত বাহৰ পাতি আছিল চীনা সৈন্যই ৷ অক্টোবৰ মাহতহে এই ঘটনা পোহৰলৈ আহিছিল ৷ এয়াৰ পিচতে 2019 চনৰ 22 জুলাইত পুনৰ ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল চীনা সৈন্যই ৷ টাৱাং জিলাৰ টাচৌ গাঁৱৰ হলি জলপ্ৰপাতৰ য়াংকিয়ন সীমান্তৰে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল চীনা সৈন্যৰ দলটোৱে ৷ কিন্তু শেহতীয়াকৈ একেটা স্থানতে পুনৰবাৰ ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চলায় ৷
ইয়ে প্ৰকৃততে কিহৰ ইংগিত বহন কৰে ? নে চীনে ৰণনীতি সলনি কৰিব পূৰ্বৰ দৰে ? 2018 চনত চীনা সৈন্যই 326 বাৰ, 2017 চনত 426 বাৰ আৰু পূৰ্বে 2016 চনত 273 বাৰ সীমা উলংঘন, সীমা ঠেলা আৰু হতাহতিৰ ঘটনা সংঘটিত কৰিছিল ৷ উল্লেখ্য যে, ভাৰতৰ সৈতে চীনৰ 4,057 কিলোমিটাৰ সীমা লাডখৰ পৰা অৰুণাচল প্ৰদেশলৈকে আগুৰি আছে ।
লগতে পঢ়ক : ভাৰত-চীন সীমান্তত 44 খন দলং মুকলি প্ৰতিৰক্ষা মন্ত্ৰীৰ