ETV Bharat / city

Sivasagar Development issue: শিৱসাগৰ সমষ্টিৰ উন্নয়ন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে কি কথা পাতিলে অখিল গগৈয়ে ? - Akhil Gogoi discuss with Chief Minister

শুকুৰবাৰে শিৱসাগৰৰ ৰাইজৰ দলৰ কাৰ্যালয়ত বিধায়ক অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ উন্নয়ন সন্দৰ্ভত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সৈতে কি কি বিষয়ে আলোচনা কৰিলে তাৰ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে ( MLA Akhil Gogoi organaize press conference) ৷ জানিবলৈ পঢ়ক সবিশেষ...

mla-akhil-gogoi-organaize-press-conference
শিৱসাগৰত অখিল গগৈৰ সংবাদ মেল
author img

By

Published : Feb 25, 2022, 8:13 PM IST

শিৱসাগৰ, 25 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ উন্নয়ন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত সাক্ষাৎ কৰে । জানিব পৰা মতে, শিৱসাগৰৰ উন্নয়নৰ বাবে আগন্তুক অসম বিধান সভাৰ বাজেটত সন্নিবিষ্ট কৰিবলগীয়া বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ বিধায়ক গগৈক নিমন্ত্ৰণ জনাইছিল (Akhil Gogoi discuss with Chief Minister) ৷

ইয়াৰ পিছতেই শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি (MLA Akhil Gogoi met CM Himanta Biswa Sarma) কি কি বিষয়ত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা হ’ল সেই সন্দৰ্ভত অৱগত কৰিবলৈ শুকুৰবাৰে শিৱসাগৰৰ ৰাইজৰ দলৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে ( MLA Akhil Gogoi organaize press conference) ৷ এই সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবৰ বাবে লোৱা অখিল গগৈৰ সংকল্পক বাস্তৱ ৰূপ দিয়াৰ বাবে হাতত লোৱা পদক্ষেপসমূহ এইবাৰৰ বাজেটত প্ৰতিফলিত হ'ব বুলি নিশ্চিতি প্ৰদান কৰাৰ কথা সংবাদ মেলত বিধায়ক গৰাকীয়ে জানিব দিয়ে ৷

শিৱসাগৰত অখিল গগৈৰ সংবাদ মেল

লগতে এই আলোচনাত মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰৰ আধৰুৱা হৈ থকা Urban Water Supply Scheme টো সম্পূৰ্ণ কৰাৰ বাবে প্ৰতিশ্ৰুতি দিয়ে বুলি গগৈয়ে উল্লেখ কৰি শিৱসাগৰৰ কৃষক সকলৰ সুবিধা হোৱাকৈ শিৱসাগৰত এটা ধান ক্ৰয় কেন্দ্ৰ (Paddy Procurement Centre) প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক পৰামৰ্শ দিয়ে বুলি সদৰী কৰে ।

ইয়াৰোপৰি, ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত শিৱসাগৰৰ আৱৰ্ত্ত ভৱনটো নতুনকৈ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰা বুলি বিধায়ক গগৈয়ে জানিব দিয়াৰ লগতে তলাতল ঘৰত লাইট এণ্ড চাউণ্ড শ্ব’ স্থাপনৰ বিষয়টোতো মুখ্যমন্ত্ৰী শৰ্মাই সহমত প্ৰকাশ কৰাৰ কথা জানিব দিয়ে ।

তদুপৰি, মুখ্যমন্ত্ৰী শৰ্মাই শিৱসাগৰ সমষ্টিৰ বাট পথসমূহ নিৰ্মাণৰ বাবে পুঁজিৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰাৰ লগতে এই আলোচনাতে বিধায়ক গৰাকীয়ে দাখিল কৰা আটাইবোৰ আঁচনি মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰিছে বুলিও জানিব দিয়ে শিৱসাগৰৰ বিধায়কগৰাকীয়ে ।

ইফালে আগন্তুক বাজেটত এই বিষয় সমূহ নিশ্চিতভাৱে অন্তৰ্ভুক্ত হ’ব বুলি বিধায়ক অখিল গগৈয়ে আশা প্ৰকাশ কৰিছে । আনহাতে শুকুৰবাৰে অনুষ্ঠিত হোৱা এই সংবাদ মেলত বিধায়ক গৰাকীয়ে আগন্তুক পৌৰনিৰ্বাচনৰ গোহাৰি আৰু ৰাইজৰ দলৰ পৌৰ নিৰ্বাচনৰ থিম চংটোও মুকলি কৰে ।

লগতে পঢ়ক : Modi spoke to Putin: মোদীয়ে হিংসা বন্ধ কৰিবলৈ আহ্বান জনালে পুটিনক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.