শিৱসাগৰ, 18 এপ্ৰিল: হঠাৎ বৰণ সলনি হ’ল দিখৌ নদীৰ পানীৰ ৷ সেউজীয়া হৈ পৰিছে দিখৌৰ পানী (Dikhow River turns Green) ৷ পানীৰ বৰণ দেখি নৈ পৰীয়া ৰাইজে ভয়তে খাবলৈ এৰিছে নদীৰ পানী (Locals Fear of Deadly Chemical Pollution) ৷ 48 ঘণ্টাৰ পূৰ্বে দিখৌ নদীত অস্বাভাৱিক গতিত ঘোলা পানী অহাৰ লগতে উপঙি উঠিছিল থলুৱা প্ৰজাতিৰ প্ৰকাণ্ড প্ৰকাণ্ড মাছ । দিখৌ নদীৰ পানীৰ এই অস্বাভাৱিক পৰিৱৰ্তনে আতংকৰ সৃষ্টি কৰিছে নৈপৰীয়া ৰাইজৰ মাজত ৷
ইফালে শিৱসাগৰৰ দিখৌ নদীৰ (Dikhow River In Sivasagar) উৎপতিস্থলৰ সমীপত ব্যাপক ৰূপত কয়লা খনন চলি আছে (Coal mining near Dikhow River) ৷ লগতে নদীৰ গৰাৰ কাষত লাখ লাখ টন কয়লা জমা কৰি থোৱা আছে ৷ ফলত বাৰিষাৰ সময়ত বৰষুণৰ পানীৰ সৈতে কয়লাৰ পৰা নিগৰি পানী একাকাৰ হৈ নদীত বিষক্ৰিয়া ঘটিয়েই নদীৰ পানী পৰিৱৰ্তন হোৱাৰ লগতে এনেদৰে থলুৱা মাছ উপঙি উঠা বুলি সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে ৷
এই সন্দেহকলৈ চৰ্চা অব্যাহত থকাৰ সময়তেই এইবাৰ দিখৌ নদীয়ে আকৌ সলনি কৰিলে নিজৰ বক্ষৰ পানী ৷ ছাই মিহলি ঘোলা পানীৰ পৰিৱৰ্তে হঠাৎ দিখৌ নদীৰ জলৰাশি এইবাৰ সেউজীয়া বৰণৰ হৈ পৰা দেখা গৈছে । হঠাৎ নদীখনত অস্বাভাৱিকভাৱে জলৰাশিৰ ৰং সলনি হোৱাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অৱশ্যে কি কাৰণত নদীৰ পানীৰ এনে অস্বাভাৱিক বৰণ হৈছে সেই সন্দৰ্ভত ৰাইজৰ মাজত কোনো স্পষ্ট কাৰণ বা ভিত্তি নাই ৷
যদিও সচেতন মহলে এয়া কয়লা খননৰ ফলত সৃষ্টি হোৱা বিষক্ৰিয়াৰ অংশ বিশেষ বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে শিৱসাগৰ জিলাখনৰে ঘাই নদী দিখৌ নদীত অব্যাহত থকা এই অস্বাভাৱিক পৰিৱৰ্তন স্বাভাৱিকতেই চিন্তা কাৰণ হৈ পৰিছে ৷
ইতিমধ্যে দিখৌ নদীৰ পানীৰ নমুনা সংগ্ৰহ কৰিছে শিৱসাগৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে । ড৹ উৎপল দত্তই এয়া দিখৌ নদীত পানীৰ ওপৰত পৰা শেলুৱৈ বুলিও মন্তব্য কৰে ৷ এইসময়ত এই শেলুৱৈ বিলাক বাঢ়ি যায় বা ফুলি যায় আৰু ইয়াৰ ৰং নীলা বা সেউজীয়া হয় । সেইবাবে নদীৰ পানী নীলা আৰু সেউজীয়া বৰণ হৈছে বুলি ধাৰণা কৰিছে দত্তই ।
ইপিনে দিখৌ নদীত মাছৰ অস্বাভাৱিক মৃত্যুৰ বিষয়ত তেওঁ কয় যে এই শেলুৱৈবোৰ বাঢ়ি যোৱাত বা ফুলি যোৱাৰ ফলত কিছুমান ৰেণু ওলায় আৰু এই ৰেণু বিলাক মাছৰ বাবে বিষাক্ত । এই ৰেণু খালে মাছ মৰে । সেইবাবে যোৱা কিছুদিন ধৰি দিখৌ নদীৰ মাছ অস্বাভাৱিক ভাৱে মৰিছে বুলি ড৹ উৎপল দত্তই সংবাদমাধ্যমৰ আগত মন্তব্য কৰে ৷
লগতে পঢ়ক : এ সম্পথৰ পদত্যাগ; অনিশ্চয়তাত মহানগৰীৰ দুটা খোৱাপানী প্ৰকল্পৰ নিৰ্মাণ