শিৱসাগৰ, 6 জুন: শিৱসাগৰ আৰক্ষীৰ জালত আলফাৰ লিংক মেন ULFA-I linkman arrested in Sivasagar) । যোৱা নিশা ডিমৌৰ পৰা শিৱসাগৰ আৰক্ষীয়ে ৰঞ্জিত বৰগোঁহাই নামৰ এজন লোকক আলফা স্বাধীনৰ লগত সম্পৰ্ক ৰখাৰ অভিযোগত আটক কৰে । লোকজনৰ আলফা স্বাধীনৰ সৈতে যোগাযোগ থকাৰ লগতে আলফাৰ লগত বিভিন্ন সম্পৰ্ক ৰক্ষা কৰাৰ তথ্য লাভ কৰিছে শিৱসাগৰ আৰক্ষীয়ে (ULFA-I linkman arrested in Sivasagar) । ৰঞ্জিত বৰগোঁহাই বিজেপি দলৰ থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ আস্থাভাজন বুলিও আৰক্ষীৰ তৰফৰ পৰা জানিব পৰা গৈছে ।
ইফালে শিৱসাগৰ নগৰৰ পৰা পুনৰ আটক কৰা হৈছে জুৱাৰী । শিৱসাগৰ নগৰৰ অ’এন জি চিৰ সমীপৰ পৰা জুৱা খেলি থকা অৱস্থাত চাৰিজন লোকক আটক কৰে আৰক্ষীয়ে (Gambler arrested in Sivasagar)। অৱশ্যে, দুজন লোকে জুৱাস্থলীৰ পৰা পলায়ন কৰে । শিৱসাগৰ জিলাৰ আৰক্ষী উপ-অধীক্ষক ডেইজি গগৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে আটক কৰে জুৱাৰী কেইটাক (Gambling in Sivasagar)৷
আটক কৰা জুৱাৰী কেইটা হৈছে নগৰৰ বিজি ৰোডৰ সুভাষ দাস, লক্ষীমপুৰ ফুকন নগৰৰ অনুপম ফুকন, সোনাৰি ৰঙাপথাৰৰ বিকাশ বৰগোঁহাই আৰু ডিমৌ নিতাই পুখুৰীৰ মিত্ৰজিল টায়ে । জুৱাস্থলীৰ পৰা আৰক্ষীয়ে ২৭২৯০ টকা নগদ ধন আৰু তাচ পাত জব্দ কৰে । গেম্বলিং এণ্ড বেটিং আইনৰ আধীনত আৰক্ষীয়ে জুৱাৰী কেইটাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক : আপত যোগ নিদিয়ে অখিল গগৈয়ে